Local, Vocal, Global

Student killed in wild elephant attack in Tamulpur : শোৱাপাটিত বন্যহস্তীৰ আক্ৰমণত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী

নিউজ ডেস্ক,২৬জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ তামুলপুৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। তামুলপুৰৰ ভূটান সীমান্তৰ বগাজুলিত হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী ছাত্ৰীৰ মঙলবাৰে নিশা হাতীৰ আক্ৰমণত নিহত হয় স্কুলীয়া ছাত্ৰীগৰাকী ৷ নিহত হোৱা ছাত্ৰীগৰাকী বগাজুলি শিমলীগুৰি অজয় বড়োৰ কন্যা মনিকা বড়ো (১৪) ৷ নিহতগৰাকী কুমাৰীকাটা দাওগাংবাৰী হাইস্কুলৰ নৱম শ্ৰেনীৰ ছাত্ৰী আছিল(Student killed in wild elephant attack in Tamulpur) ৷

জানিব পৰা মতে, নিশা শুই থকা সময়তে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে এটা পকী ঘৰ লণ্ডভণ্ড কৰে ৷ হাতীটোৰ ভয়ত শোৱাপাটিৰ পৰা পৰিয়ালৰ সদস্যসকলৰ সৈতে ছাত্ৰীগৰাকী পলাবলৈ ধৰোতে হাতীয়ে আক্ৰমণ কৰি মূৰত গচকি দিয়াৰ ফলত থিতাতে নিহত হয়৷ ইপিনে নিশাই বনবিভাগৰ লোক উপস্থিত হৈ আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে।

হাতীৰ আক্ৰমণত ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে এতিয়া শংকাত দিন-ৰাতি কটাবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ লোকসকলে।

লগতে পঢ়ক : Lakhimpur Forest Division launched Eviction drive at Ranga Reserve Forest : লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান