Local, Vocal, Global

WATCH | Student goes missing : মহাৰাষ্ট্ৰত মাদ্ৰাছা পঢ়িবলৈ গৈ নিৰুদ্দেশ দুই কিশোৰ

চাপৰ,১২এপ্ৰিল : মহাৰাষ্ট্ৰত মাদ্ৰাছা পঢ়িবলৈ গৈ নিৰুদ্দেশ দুই কিশোৰ। হাওৰা ৰে’ল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় কিশোৰ দুগৰাকী।

চাপৰ শিঙাৰপাকস্থিত নিজ ঘৰৰ পৰা বৃহস্পতিবাৰে মোমায়েকৰ লগত মহাৰাষ্ট্ৰ লৈ গৈছিল কিশোৰ দুগৰাকী।

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰপাকৰ ১৩ বছৰীয়া মাহমুদুল হাছান আৰু,১৪ বছৰীয়া আবু হুৰাইৰা য়ে মোমায়েকৰ লগত যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত মাদ্ৰাছা পঢ়িবলৈ যায় কিন্তু হাওৰা ৰেটল ষ্টেচনত ৰে’লৰ পৰা নামি দুয়ো গৰাকী কিশোৰে প্ৰস্বাৱ কৰিবলৈ গৈ নিৰুদ্দেশ হৈ পৰাত লগত যোৱা মোমায়েকে বহু ঠাইত বিচাৰে যদিও কোনো খবৰ নাপাই ঘটনাটো সন্দৰ্ভত হাওৰা আৰক্ষী থানাত অৱগত কৰি ঘৰত জনাই দিয়ে(Student goes missing)।

নিজৰ পুত্ৰ আৰু ভতিজাৰ নিৰুদ্দেশ হোৱাৰ কথা শুনাৰ লগে লগে সৃষ্টি হয় এক হাহাকাৰময় পৰিবেশ। যদি কোনোবাই কিশোৰ দুগৰাকীক দেখা পায় তেন্তে নিকটৱৰ্তী থানা বা পৰিয়ালৰ 6900692607 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক : WATCH | Gossaigaon News : গোঁসাইগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত তুলসীবিলৰ আয়ছা খাতুন হাইস্কুলৰ আজৱ কাণ্ড