Local, Vocal, Global

WATCH | Student goes missing : ক্ৰিকেট প্ৰশিক্ষণৰ বাবে গৈ ঘৰলৈ উভতি নাহিল গোগামুখত দুজন ছাত্ৰ

ধেমাজি,৪এপ্ৰিল : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । এইবাৰ গোগামুখত নিৰুদ্দেশ দুজন ছাত্ৰ ।

নিৰুদ্দশ ছাত্ৰ দুজন গোগামুখ চাউলধোৱা বালিগাঁৱৰ ৰবিন দাসৰ পুত্র ৰাহুল দাস নামৰ দশম শ্ৰেণীৰ ছাত্র আৰু একে গাঁওৰে মিল্কী নাথ নামৰ দশম শ্ৰেণীৰ ছাত্র ।

জানিব পৰা মতে,বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা প্ৰায় ৭ মান বজাত লগৰীয়া সৈতে ক্ৰিকেট প্ৰশিক্ষণৰ বাবে গৈছিল । আবেলি লৈকে ছাত্ৰ দুইজন ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কৰিও খবৰ লাভ কৰিবলৈ সক্ষম নহল(Student goes missing)।

অৱশেষত ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষীক এজাহাৰ প্ৰদান কৰিছে যদি কোনো খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালে ।

কোনো সদাশয় লোকে যদি যুৱক দুজনক দেখা পাই তেন্তে 9707613365 আৰু 7896132448 যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।

লগতে পঢ়ক : WATCH | Poor conditions of roads: বাক্সাৰ মধুপুৰ-মইনাগুৰিত পথ নিৰ্মাণত নামিল গঞা ৰাইজ