Student goes missing : কাজিৰঙা বিশ্ব বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক নিৰুদ্দেশ;গুৰুত্ব নাই বিশ্ববিদ্যালয় কর্তৃপক্ষৰ
যোৰহাট,২৯আগষ্ট : কাজিৰঙা বিশ্ব বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক নিৰুদ্দেশ । গুৰুত্ব নাই বিশ্ববিদ্যালয় কর্তৃপক্ষৰ।
এইখন যোৰহাটৰ ব্যক্তিগত কাজিৰঙা বিশ্ব বিদ্যালয়। এইখন বিশ্ব বিদ্যালয়ৰ পৰা ছাত্ৰ নিৰুদ্দেশ হ’লেও গুৰুত্ব নিদিয়ে বিশ্ব বিদ্যালয়ৰ কর্তৃপক্ষই। এই অভিযোগ আনিছে এগৰাকী পিতৃয়ে।
হিমজোতি দাস নামৰ ছাত্ৰ এজন বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে । হিমজোতি দাস কাজিৰঙা বিশ্ব বিদ্যালয়ৰ পঞ্চম স্মানিষকৰ ছাত্ৰ।
বুধবাৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ থকাৰ পাছতো পৰিয়ালৰ লোকক অৱগত নকৰিলে বিশ্ব বিদ্যালয় কতৃপক্ষই। হিমজোতি দাস বিশ্ব বিদ্যালয় খনৰ ওৰাং ছাত্ৰ নিবাসত আছিল। ছাত্ৰ নিবাসত থকা দৈনিক এটেনডেন্চ কোনোবাই মিছাকৈ দি আছিল। ইয়াৰ পাছতো গুৰুত্ব নাই ছাত্ৰ নিবাসত থকা কৰ্তৃপক্ষৰ।পৰিয়ালৰ লোকে হিমজোতি দাসক ফোনত নাপাই বিশ্ব বিদ্যালয়ৰ খনৰ ছাত্ৰ নিবাসত উপস্থিত হয়। কিন্তু হিমজ্যোতি দাস ছাত্ৰ নিবাসত নাই(Student goes missing)।
তাৰপাছতে পৰিয়ালৰ লোকৰ মাজত হুৱা দুৱাৰ সৃষ্ঠি হয়।খবৰ কৰি গম পালে হিমজ্যোতি দাসে বন্ধুৰ ঢাপকটা অঞ্চলৰ এটা ব্যক্তিগত ছাত্ৰ নিবাসত থাকিবলৈ গৈছিল। ব্যক্তিগত ছাত্ৰ নিবাসত হিমজ্যোতি দাসৰ মোবাইল ফোনৰ লগতে কাপোৰৰ বেগ পায়।
ইয়াৰ পাছতেই পৰিয়ালৰ লোকৰ সন্দেহ হয়। ইমানখিনি ঘটনা হোৱাৰ পাছতো কিয় পৰিয়ালৰ লোকক খবৰ নকৰিলে বিশ্ব বিদ্যালয় কতৃপক্ষই। ইয়াক লৈ সৰৱ হয় পৰিয়ালৰ লোক।
হিমজ্যোতিয়ে বিশ্ব বিদ্যালয়খনৰ বহু ছাত্ৰৰ পৰা টকা ধাৰত লৈছিল বুলিও অভিযোগ উঠিছে। ধাৰৰ সংখ্যা প্ৰায় ১৫ লক্ষাধিক টকা । ধাৰৰ পৰিমান অধিক হোৱাৰ বাবেই ভয় ভাবুকি দিয়া হৈছিল নেকি হিমজ্যোতি দাসক। কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ ইমানখিনি ঘটনা হোৱাৰ পাছতো কিয় খবৰ কৰা নহল পিতৃ মাতৃক। কাজিৰঙা বিশ্ব বিদ্যালয়ৰ অমনোযোগিতাৰ বাবে এনে ঘটনা হবলৈ পালে নেকি । ইতিমধ্যে পিতৃ মাতৃয়ে পুলিবৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ(Student goes missing)।
আৰক্ষীৰ ঘটনাৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য।
লগতে পঢ়ক : বহিৰাগত ঠিকাদাৰৰ লুণ্ঠনৰাজ