Student dies of electrocution : বিদ্যুৎস্পৃষ্ট হৈ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যু

গোৰেশ্বৰ,৯ফেব্ৰুৱাৰী : বিদ্যুৎস্পৃষ্ট হৈ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যু ।
মৃত ছাত্ৰজন গোৰেশ্বৰৰ ৰংমহলৰ নাথ চুবাৰ দেবেন নাথ আৰু কমলা নাথৰ পুত্ৰ ৰাহুল নাথ (২১) ।
ঘটনা অনুসৰি, পকা মিষ্ট্ৰিৰ কাম কৰা ককায়েকৰ লগত ৰাহুলে আজি গোৰেশ্বৰৰ বটিয়ামাৰীত গৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল। তেনে সময়তে ওচৰতে থকা বৈদ্যুতিক তাৰত লাগি ৰাহুল বিদ্যুৎস্পৃষ্ট হয় আৰু ওপৰৰ পৰা তলত পৰি যায়(Student dies of electrocution)।
এই ঘটনা প্ৰত্যক্ষ কৰি ককায়েকে স্থানীয় লোকৰ সহযোগত ৰাহুলক মুমুৰ্ষ অৱস্থাত গোৰেশ্বৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।
এই খবৰ বিয়পি পৰাৰ লগে লগে গোৰেশ্বৰ অঞ্চলত শোকৰ ছাঁ পৰে।
উল্লেখ্য যে ৰাহুল নাথ এজন মেধাৱী ছাত্ৰ আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰলৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু গোৰেশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত ৩য় ষাণ্মাসিকত অধ্যয়ন কৰি আছিল। ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে ৰাহুলে প্ৰায়ে ককায়েকৰ লগত কাম কৰিবলৈ গৈছিল।
লগতে পঢ়ক :Woman body found: বাথৰূমত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ