Student dies in school bus accident in Umrangso: নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল শিক্ষাৰ্থী ভৰ্তি বাহন;আহত ১৫জন শিক্ষাৰ্থী, নিহত এগৰাকী ছাত্ৰী

নিউজ ডেস্ক,১৮জানুৱাৰী : উমৰাংছ’ত ভয়ংকৰ দুৰ্ঘটনাত । দুৰ্ঘটনাত পতিত স্কুল বাছ। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল শিক্ষাৰ্থী ভৰ্তি বাহন। শনিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে, এ এছ ০৮ চি ২২৯২ নম্বৰৰ বাছখনে ছেক্ৰেড হাৰ্ট স্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ আহিছিল।সেই সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা(Student dies in school bus accident in Umrangso)।
এই ভয়ংকৰ দুৰ্ঘটনাত ১৫জনকৈ শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়।লগতে দুৰ্ঘটনাত নিহত হয় এজন ছাত্ৰী । নিহত ছাত্ৰীজন তৃতীয় শ্ৰেণীৰ ডালিমিৰ ৰংফাৰপি বুলি চিনাক্ত।
আহত ১৫ জন ছাত্ৰ শিক্ষাৰ্থীৰ তিনিজনৰ অৱস্থা সংকটজনক আৰু বৰ্তমান আহত শিক্ষাৰ্থীত কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক :Theft in Bilasipara: বিলাসীপাৰাৰ টিলাপাৰা বজাৰত মোবাইল চোৰৰ সন্ত্ৰাস