Student Abducted from College Rescued : সংঘৰ্ষ জৰ্জৰ মণিপুৰত আৰক্ষীৰ সফলতা
নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ : সংঘৰ্ষ জৰ্জৰ মণিপুৰত আৰক্ষীৰ সফলতা(Student Abducted from College Rescued )। পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত গ্ৰেপ্তাৰ ৮জনকৈ অপৰাধী ।অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অপৰাধীৰ বিৰুদ্ধো আৰক্ষীৰ অভিযান । আৰক্ষীৰ নিৰবিচ্ছিন্ন অভিযানৰ ফলত নিতৌ অপৰাধীকে ধৰি জব্দ মাৰণাস্ত্ৰ সামগ্ৰী(Student abducted from college rescued in Manipur, 8 arrested) ।
এইবাৰ মণিপুৰ আৰক্ষীৰ আন এক সফল অভিযান । এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মণিপুৰ আৰক্ষীয়ে। ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৮ জনকৈ অপহৰণকাৰীক(Police rescues ‘Abducted’ student, Arrested 8 Kidnappers)।
উল্লেখ্য যে, ইম্ফল আৰক্ষী থানাত এজন লোক অপহৰণ হোৱাৰ গোচৰ ৰুজু হৈছিল। অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল ধন।ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ইম্ফল পশ্চিমৰ পৰা কে চি পিৰ ৮ জনকৈ সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে লগতে অপহৃতক উদ্ধাৰ কৰিছে( Student abducted from college hostel rescued by police, eight suspects arrested)।
আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে এটা ঘটক ৰাইফলৰ সৈতে এটা মেগজীন, এটা একে-৪৭, এটা .৩২ পিষ্টল বহু পৰিমাণৰ গোলা, বাৰুদ আৰু ১৩ টা মোবাইল ফোন, এখন তৰোৱাল আৰু ২ খন বাহন।
লগতে পঢ়ক : Man Elephant conflict : পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ