Strong protest against Botadrwa police:ৰাইজৰ অভিযোগৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত বটদ্ৰৱা আৰক্ষী
নিউজ ডেস্ক,৮ জুলাইঃ স্থানীয় ৰাইজৰ অভিযোগৰ পাচতো গা লৰা নাই বটদ্ৰৱা আৰক্ষীৰ । বিগত সময়ত স্থানীয় ৰাইজে বহুবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযোগ দিছিল বটদ্ৰবা আৰক্ষীক ।( In the past, the local people have complained to batadrba police several times against drug peddlers). কিন্তু আজি পৰ্যন্ত এজনো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই এইসকল আৰক্ষীয়ে । ব্যৰ্থ হৈছে নেকি বটদ্ৰৱা আৰক্ষী । এই অভিযোগ উত্থাপন কৰি বটদ্ৰৱাৰ বাটমাৰীত আৰক্ষীৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে তীব্র প্রতিবাদ।
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক ৰক্ষনা বেক্ষণ দিয়াৰ অভিযোগ সাধাৰণ ৰাইজৰ। ৰাইজৰ অভিযোগ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা ড্ৰাগছৰ বৃহৎ বেপাৰত একাংশ আৰক্ষীৰ গোপন মিতিৰালি আছে । যাৰ বাবে মুকলিকৈ ড্ৰাগছ বিক্ৰী কৰি আহিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে।
উল্লেখ্য যে বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে যদিও ৰহস্যজনক কাৰণত আৰক্ষী থানৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰীক এৰি দিয়ে আৰু পুনৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে ন উদ্যমেৰে ড্ৰাগছ বিক্ৰী কৰাত উৎসাহ দিয়াৰ অভিযোগ ৰাইজৰ । ইফালে অঞ্চলটোত ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত চুৰি, ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা নিতৌ বৃদ্ধি পাইছে । যাৰ বাবে ৰাইজ অতিষ্ঠ হৈ এনেদৰেই ৰাজ পথলৈ ওলাই আহি সাব্যস্ত কৰিলে তীব্র প্রতিবাদ।