Storm lash several places in Jamugurihat : জামুগুৰিহাটৰ প্ৰচণ্ড ধুমুহা;বিস্তৰ ক্ষতিসাধন

নিউজ ডেস্ক,১আগষ্ট : উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন। জামুগুৰিহাটৰ প্ৰচণ্ড ধুমুহা । বিস্তৰ ক্ষতিসাধন জামুগুৰিহাটৰ বিভিন্ন অঞ্চল।
উত্তৰাঞ্চলৰ ধলাইবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ উভালি পৰা লগতে ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুটা(Storm lash several places in Jamugurihat)।বিদ্যুতৰ তাঁৰত বাগৰিল বৃহৎ আকাৰৰ গছ। অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন। ব্যাহত হৈ পৰিছে বিদ্যুৎ সংযোগ, যাতায়ত।
উত্তৰ জামুগুৰি চিকিৎসালয়ৰ প্ৰকাণ্ড গছৰ ডাল সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত ভাঙি পৰা ফলত প্ৰতিষ্ঠানখনৰ বিস্তৰ ক্ষতি হয়। অঞ্চলটোত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা। অঞ্চলটোৰ ভিতৰুৱা স্থান সমূহতো অধিক ক্ষয় ক্ষতিৰ শংকা কৰা হৈছে।
লগতে পঢ়ক :Lumding ganja seized :লামডিঙত জব্দ বুজন পৰিমাণৰ ভাং,এচটি পেপাৰ, Cones;আটক এজন