Local, Vocal, Global

মোদীয়ে মুকলিৰ পাছতে শৌচাগাৰত নাই পানী-খোল নাখায় দুৱাৰ, বন্দে ভাৰত এক্সপ্ৰেছত শিলাবৰ্ষণ

বন্দে ভাৰত এক্সপ্ৰেছত শিলাবৰ্ষণ কৰা বুলি জানিব পৰা গৈছে৷ হাওৰা-নিউ জলপাইগুৰিত আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে সন্ধিয়া মালদা জিলাৰ কুমাৰগঞ্জত হাওৰা অভিমুখী বন্দে ভাৰতত শিল নিক্ষেপ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

ৰে’লৱে কৰ্তৃপক্ষৰ মতে শিল নিক্ষেপ কৰাৰ ফলত চি-১৩ কম্পাৰ্টমেণ্টৰ সোঁফালৰ দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে। ঘটনা সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এক ভাৰ্চুৱেল কাৰ্যসূচীৰ জড়িয়তে বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰিছিল। ৰেলখন দেওবাৰে চলিবলৈ আৰম্ভ কৰিছিল। প্ৰথম দিনাই ৰেলৰ শৌচাগাৰত পানীৰ অভাৱ হোৱাৰ লগতে কেইবাটাও অভিযোগ আহিছিল৷ কোঠাৰ মাজৰ দুৱাৰ সঠিকভাৱে খোল নোখোৱা, চাহ আৰু পুৱাৰ আহাৰ সময়মতে সকলো যাত্ৰীক যোগান ধৰিব পৰা নাই।

পূব ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া একলব্য চক্ৰৱৰ্তীয়ে কয় যে ৰে’লত শিল নিক্ষেপ কৰাটো এক সামাজিক বিকাৰ। গোটেই বছৰটোত সজাগতা কাৰ্যসূচী চলাওঁ।