Local, Vocal, Global

STF seizes narcotics worth Rs 2.5 crore during anti-drug operation: ৰঙিয়াত জব্দ ২.৫০ কোটি টকাৰ ড্ৰাগছ

নিউজ ডেস্ক,৮ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(STF seizes narcotics worth Rs 2.5 crore during anti-drug operation in Rangia) ।

একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । এইবাৰ ৰঙিয়াত জব্দ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ। STFৰ অভিযানত জব্দ কৰে প্ৰায় ১০,০০০ টা নিচাযুক্ত টেবলেট। এখন অল্ট’ বাহনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।

জানিব পৰা মতে, মণিপুৰৰ পৰা ৰঙিয়ালৈ আনিছিল নিচাজাতীয় টেবলেটখিনি। কোচবিহাৰৰ দুই যুৱকক ৰঙিয়াৰ যুৱকে বিক্ৰী কৰিছিল ড্ৰাগছখিনি। ইমৰাণ হুছেইন নামৰ লোকজনে বিক্ৰী কৰিছিল ড্ৰাগছখিনি। ৰছিদুল মিঞা আৰু নয়ন মিঞাক বিক্ৰী কৰিছিল অভিযুক্ত ইমৰাণ হুছেইনে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰছিদুল মিঞা আৰু নয়ন মিঞাক(STF seizes narcotics worth Rs 2.5 crore during anti-drug operation)।

লগতে পঢ়ক : Man killed in Rhino attack : জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু