STF arrests three drug peddlers : যোৰাবাটত নিচাজাতীয় সামগ্ৰীসহ আটক তিনি সৰবৰাহকাৰী
নিউজ ডেস্ক, ২১মাৰ্চ : ৰাজ্যৰ অন্ত প্ৰান্তৰ সমান্তৰালকৈ যোৰাবাটত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে অবৈধ সামগ্ৰীৰ জব্দ ঘটনাই(STF arrests three drug peddlers) ।
বুধবাৰে পুৱা পুনৰ যোৰাবাটত বিশেষ টাস্ক ফ’ৰ্চৰে অভিযান চলাই । এক গোপন তথ্যৰ ভিত্তিত বশিষ্ঠ থানাৰ অধীনৰ এই অভিযান আৰম্ভ কৰে(STF raid leads to arrest of suspected heroin peddlers in Jorabat) ।
অভিযানত জব্দ কৰে বুজন পৰিমানৰ হেৰ’ইন লগতে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত অন্যান্য সামগ্ৰীৰ জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত প্ৰায় ৬৮.৫ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন থকা ৪৮টা শিশিৰ লগতে এটা মোবাইল ফোন, নগদ ৫০ লাখ টকা। লগতে AS 01 FB 4476 নম্বৰৰ এখন স্কুটি(Assam STF Nabs Three Peddlers In Guwahati)।
বিশেষ টাস্ক ফ’ৰ্চৰে এই অবৈধ কাৰ্যৰ লগতে জড়িত কেইবাজন লোকক আটক কৰে । আটক কৰা লোককেইজন ক্ৰমে ৰহিম আলী (২১), প্ৰাণজিৎ প্ৰসাদ (১৮ ), আৰু কৃষ্ণ দাস (১৯)।