Guwahati AIR BNB Incident : নিশা হ’লে কি চলে মহানগৰীৰ একাংশ গেষ্ট হাউচত ?
নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : নিশা হ’লে কি চলে মহানগৰীৰ একাংশ গেষ্ট হাউচত । গেষ্ট হাউচৰ নামত একাংশ গেষ্ট হাউচত চলি আছে যুৱক যুৱতীৰ উদ্ভণ্ডালি । মহানগৰীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে এয়াৰ বিন বি গেষ্ট হাউচ।
খ্ৰীষ্টমাছৰ নিশা একাংশ যুৱক যুৱতীৰ গেষ্ট হাউচত সুৰাপান কৰি উদ্ভণ্ডালি( Guwahati AIR BNB Incident) ।
সোমবাৰে নিশা মহানগৰীৰ লক্ষীনগৰত থকা দ্য ড্রপ ইন’ নামৰ গেষ্ট হাউচটোত হুলস্থুলীয়া পৰিবেশ। দ্য ড্রপ ইন’ নামৰ গেষ্ট হাউচটোত নিশা একাংশ মাতাল যুৱক যুৱতীৰ উদ্ভণ্ডালি । মাজ নিশালৈ সুৰাপান কৰি অঞ্চলটোৰ পৰিবেশ নষ্ট কৰি সুৰাৰ পাৰ্টি একাংশ যুৱক যুৱতীৰ(Stay House, Inns and Air BNB have seen rapid surge in Assam’s Guwahati city)।
উল্লেখ্য যে, একাংশ মাতাল যুৱক-যুৱতীয়ে মাজনিশালৈকে উদ্ভণ্ডালি কৰাৰ অভিযোগ তুলিছে ওচৰ-চুবুৰীয়া ৰাইজে। সুৰাৰৰাগীত মাতাল হৈ দলটোৱে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছে। আনহাতে গেষ্ট হাউচটোৰ নিয়ম ভংগ কৰি তাত অধিক লোকৰ প্ৰৱেশ কৰা বুলিও অভিযোগ তোলে।
এই ঘটনাৰ পিছতে নিশা ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী। আৰক্ষী উপস্থিত হৈ তদন্ত কৰে যদিও আৰক্ষীৰ তদন্তত খেলিমেলি দেখি উত্তাল হৈ পৰে স্থানীয় ৰাইজ । এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে উপযুক্ত তদন্ত নকৰা বুলি সচেতন ৰাইজে অভিযোগ কৰে।
আনহাতে আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ একাংশ ৰাইজে আৰক্ষীৰ বাহন ঘেৰাও কৰে। উল্লেখ্য যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাইজে আৰক্ষীক অৱগত কৰিছিল। কিন্তু আৰক্ষীয়ে ৰাইজৰ অভিযোগ পিছতো ব্যৱস্থা নোলোৱাত অসন্তুষ্ট একাংশ ৰাইজ।’