ৰাজ্যত পুনৰ ৰেগিংৰ ঘটনা
নিউজ ডেস্ক, ১৭ আগষ্ট : জেষ্ঠ ছাত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৱম শ্ৰেণীৰ ছাত্ৰ।
উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ চহৰত সংঘটিত হৈছে এই ঘটনা, ছাত্ৰজনক বিদ্যালয়ৰ চৌহদত পাঁচজন জেষ্ঠ ছাত্ৰই আক্ৰমণ কৰিছিল, যাৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন। পৰৱৰ্তী সময়ত পাঁচজন অভিযুক্ত জেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে বিদ্যাল়য় প্ৰশাসনে । আঘাতপ্ৰাপ্ত ছাত্ৰজনক পিছত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে নিলম্বিত ছাত্ৰগিজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।