উৎকোচ গ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী
নিউজ ডেস্ক, ১৮ আগষ্ট : সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী কোষৰ এটা দলে বৃহস্পতিবাৰে শিক্ষা বিভাগৰ ৰাজ্য চৰকাৰৰ এজন কৰ্মচাৰীক উৎকোচ গ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীজনক যতীন্দ্ৰ নাথ ৰয় বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, তেওঁ অসমৰ ধুবুৰী জিলাৰ হাদুৰহাট ধৰমচলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Hadurhat Dharmasala Higher Secondary School) উচ্চ বিভাগ সহায়ক (UDA) হিচাপে নিযুক্তি লাভ কৰিছিল।
অভিযোগকাৰীৰ চাৰ্ভিচ শ্বীট (Service Sheet) আৰু LPC স্থানান্তৰ কৰাৰ বাবে ধন গ্ৰহণ কৰোঁতে ৰয়ক ৰঙাহাতে ধৰা পেলাইছিল।