Stampede at Mumbai’s Bandra train station :মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছ ষ্টেশ্যনত অঘটন;পদপিষ্ট হৈ আহত ৯জন

নেশ্যনেল ডেস্ক,২৭অক্টোবৰ : মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছ ষ্টেশ্যনত অঘটন। বান্দ্ৰা টাৰ্মিনাছ ষ্টেশ্যনত পদপিষ্ট হৈ আহত ৯জন লোক। বান্দ্ৰা-গোৰখপুৰ এক্সপ্ৰেছ যাত্ৰাৰ পূৰ্বে ১নং প্লেটফৰ্মত দেওবাৰে পুৱা প্ৰায় ৫.৫৬ বজাত সংঘটিত হয় এই ঘটনাটো। আহত যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ভাভা হাস্পতাললৈ প্ৰেৰণ কৰা হয়(Bandra railway station stampede leaves several people injured)।
আহত লোককেইজন ক্ৰমে শ্বাভিৰ আব্দুল ৰেহমান (৪০), পাৰ্মেশ্বৰ সুখদাৰ গুপ্ত (২৮), ৰবীন্দ্ৰ হৰিহৰ চুমা (৩০), ৰামসেৱক ৰবীন্দ্ৰ প্ৰসাদ প্ৰজাপতি (২৯), সঞ্জয় তিলাক্ৰাম কংগাই (২৭), দিব্যাংশু যোগেন্দ্ৰ যাদৱ (১৮), মহম্মদ শ্বৰীফ শ্বেইখ (২৫), ইন্দ্ৰজিৎ সাহানী (১৯) আৰু নূৰ মহম্মদ শ্বেইখ (১৮)।
ইন্দ্ৰজিৎ সাহানী, নুৰ মহম্মদ শ্বেইখ নামৰ ২ যাত্ৰীৰ অৱস্থা সংকটজনক।
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ২:৩০ বজাত ষ্টেচন পাইছিলহি গোৰখপুৰমুখী ৰে’লখন। যাত্ৰীসকলে ৰে’লখনত খৰখেদাকৈ উঠাৰ লগে লগে সৃষ্টি হয় হুলস্থূলৰ। দীপাৱলী উপলক্ষে ঘৰলৈ যোৱাৰ বাবে ষ্টেচনত হৈছিল ব্যাপক জনসমাগম।সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Stampede at Mumbai’s Bandra train station)।
লগতে পঢ়ক :Two dozen people die in bus crash in central Mexico : দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; নিহত ১৯জন