Local, Vocal, Global

কৰ্মচাৰী শূন্য হাওৰাঘাট মহকুমাধিপতিৰ কাৰ্যালয়, উচুকাৰ প্ৰতিবাদ

নিউজ ডেস্ক: বিগত ২০১৬ চনতেই কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমা ঘোষণা কৰা হৈছিল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিৰ প্ৰচেষ্টাত হাওৰাঘাট মহকুমাটো স্থাপন কৰা হৈছিল৷ সমান্তৰালকৈ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিয়ে কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰি জ্যোতিময় দৈমাৰীক মহকুমাধিপতি হিচাপে নিযুক্তি দিছিল৷ দৈমাৰীয়ে বহু দিন কাৰ্য্যালয়ৰ কাম কাজ চলাই নিয়াৰ লগতে পৰৱৰ্তী সময়তো কেইবাগৰাকীও মহকুমাধিপতিয়ে কাৰ্যনিৰ্বাহ কৰে৷

বিগত এটা বছৰৰ পৰা কাৰ্যালয়টোত কোনোধৰণৰ কৰ্মচাৰী নথকাত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে তথ্য জানিবলৈ বিচৰাত উপায়ুক্তৰ কাৰ্যালয়ে হাওৰাঘাট মহকুমাধিপতিৰ কাৰ্যালয়ত কোনো ধৰণৰ কৰ্মচাৰী নাই বুলি তথ্য সদৰী কৰে৷ বৰ্তমান কাৰ্যালয়টোৰ চৌদিশে অৱৰ্জনা ভৰি পৰিছে৷ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্র পৰিষদ চমুকৈ উচুকাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিণ্টু হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে কাৰ্যালয় সক্ৰিয় কৰি নুতুলিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে৷