Local, Vocal, Global

SRK security raised to Y+ after death threats : বলীউডৰ বাদশ্বাহলৈ মৃত্যুৰ ভাবুকি, Y+ নিৰাপত্তা বলীউডৰ কিং খানক

এণ্টাৰটেনমেণ্ট, ৯অক্টোবৰ : বলীউডৰ বাদশ্বাহক Y+ নিৰাপত্তা । এতিয়াৰে পৰা বলীউডৰ বাদশ্বাহৰ লগত থাকিব ৬জনকৈ পুলিচ কমণ্ডো । শেহতীয়াকৈ পোৱা খবৰ অনুসৰি কিং খানৰ জীৱনৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি ৷ এনে পৰিস্থিতিত কিং খানৰ সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীয়ে Y+ নিৰাপত্তা প্ৰদান কৰিছে বাদশ্বাহক(Shah Rukh Khan gets death threats, security beefed up to Y+) ।

জানিব পৰা মতে, বলীউডৰ কিং খানক ‘পাঠান’ আৰু ‘জৱান’ ছবিৰ পিছতে ফোনযোগে হত্যাৰ ভাবুকি দিছিল আৰু এই সম্পৰ্কে শ্বাহৰুখ খানে ৰাজ্য চৰকাৰক লিখিত অভিযোগ দিছিল । ইয়াৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে অভিনেতাজনক Y+ নিৰাপত্তা প্ৰদান কৰে(SRK s security raised to Y+ after death threats) ।

উল্লেখ্য যে, শ্বাহৰুখ খানক দিয়া নিৰাপত্তাক্ষীৰ লগত MP-5 মেচিনগান থকাৰ লগতে AK 47 ৰাইফল আৰু গ্লক পিষ্টল থাকিব। অভিনেতাগৰাকীৰ বাসগৃহতো সকলো সময়তে ৪ জন অস্ত্ৰধাৰী আৰক্ষী থাকিব বুলি জানিব পৰা গৈছে। Y+ ছিকিউৰিটিত ২৪ ঘণ্টাই শ্বাহৰুখ খানৰ লগত থাকিব । এই নিৰাপত্তাৰ বাবে অভিনেতাজনে নিজে ধন পৰিশোধ কৰিব।

কিং খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও কিং খানে লাভ কৰিছে ভাবুকি । ইয়াৰ পূৰ্বেও পাঠানৰ ‘বেশৰম ৰং’ গীতটিৰ সন্দৰ্ভত অভিনেতাজনক ভাবুকি দিয়া হৈছিল । এই ভাবুকি অযোধ্যা (উত্তৰ প্ৰদেশ)ৰ সন্ত আচাৰ্য পৰমহন্সে প্ৰদান কৰিছিল(Shah Rukh Khan Granted Y+ Security Cover After Death Threats) ।

VIP নিৰাপত্তাৰ বিশেষ IGP দিলীপ সাৱন্তে জাৰি কৰা এক জাননীত উল্লেখ কৰা অনুসৰি , ‘‘শেহতীয়াকৈ অভিনেতা শ্বাহৰুখ খানে পোৱা আসন্ন আৰু সম্ভাৱ্য ভাবুকিৰ পৰিপ্ৰেক্ষিতত সকলো গোট কমাণ্ডাৰক তেওঁক পৰিশোধৰ ভিত্তিত Y+ নিৰাপত্তা প্ৰদান বাবে অনুৰোধ কৰে, এই নিৰাপত্তা পৰৱৰ্তী উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ আৰু পৰ্যালোচনা সমিতিৰ সিদ্ধান্তলৈকে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হ’ব।’’

Y+ সুৰক্ষা আৱৰণ থকা আন চেলিব্ৰেটীসকল২০২২ চনৰ নৱেম্বৰত পাঞ্জাৱী গায়ক সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডত জড়িত থকা লৰেন্স বিষ্ণোই দলৰ পৰা পোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অভিনেতা চলমান খানৰ নিৰাপত্তা বৰ্তমানৰ X শ্ৰেণীৰ পৰা Y+ লৈ উন্নীত কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০২০ চনত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ সৈতে হোৱা বিবাদৰ পিছত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) নিৰাপত্তাৰক্ষীৰ সৈতে কংগনা ৰাণাৱট ৱাই+ নিৰাপত্তা প্ৰদান কৰিছিল(Shah Rukh Khan gets Y+ security cover after death threats over ‘Jawan’ success)।

লগতে পঢ়ক :Election dates for 5 states to be announced today : আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন