Local, Vocal, Global

WATCH | Srinkhal Chaliha : ‘অসমীয়াক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰ কৰিবই লাগিব’

শিৱসাগৰ,২৪মে’ : অৱশেষত মুকলি কৰি দিয়া হ’ল শৃংখল চলিহাক। চলিহা ফুকন নগৰৰ বাসগৃহত শৃংখলক থৈ গ’ল ডিব্ৰুগড় আৰক্ষীয়ে।

ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পাছত শুকুৰবাৰে নিশা শিৱসাগৰৰ স্বগৃহত উপস্থিত হয় বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা(Srinkhal Chaliha)।

নিজগৃহত উপস্থিত হৈয়েই পুনৰ হুংকাৰ দিলে শৃংখল চলিহাই।

‘অসমীয়াক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰ কৰিবই লাগিব’ ।

‘বহিৰাগতই অসমীয়াক কৰা অপমান সহ্য কৰা নহ’ব’।

‘অনা-অসমীয়া বাংলাদেশীৰ অসমত দপদপনি নচলিব’।

লগতে, শংকৰজ্যোতি বৰুৱাক মুকলি আৰু তনু শ্বাহীক গ্ৰেপ্তৰৰো দাবী বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱত দেৰগাঁও যান বাহন আৰক্ষীৰ অভিযান