Sribhumi Encounter:শ্ৰীভূমিত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

নিউজ ডেস্ক,১৫ডিচেম্বৰ : শ্ৰীভূমিত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।আৰক্ষীৰ গুলীত গুলীবিদ্ধ আৰক্ষী কনিষ্টবল উজ্জ্বল বৰা হত্যাত জড়িত ট্ৰাক চালক।গুলীবিদ্ধ ট্ৰাক চালক অভিজিত শব্দকাৰ।আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে(Sribhumi Encounter)।
আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল অভিজিত শব্দকাৰ ।বাও ভৰিত গুলী লাগি ঢলি পৰিলে অভিযুক্ত ট্ৰাক চালক অভিজিত শব্দকাৰ। গুলীবিদ্ধ অভিজিত শব্দকাৰ নিশা ভৰ্তি কৰোৱা হয় হাস্পতালত।
উল্লেখ্য যে, শনিবাৰে পুৱতি নিশা ড্ৰাগছ কঢ়িয়াই অনা ট্ৰাকেৰে এগৰাকী কৰ্তব্যৰত আৰক্ষী মহটিয়াই নিছিল চালকজনে। শ্ৰীভূমিৰ অসম-ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনা।
দুৰ্ঘটনাত নিহত হৈছিল যোৰহাটৰ উজ্জ্বল বৰা নামৰ আৰক্ষী জোৱানজন। শ্ৰীভূমিৰ পাণহাটীত থকা আৰক্ষীৰ নাকা চেকিঙৰ কাষতে সংঘটিত হৈছিল এই ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ট্ৰাকখনে।
আৰক্ষীয়ে প্ৰায় ৩০ কিলোমিটাৰ পথ খেদি খেদি কৰায়ত্ব কৰে চালক অভিজিত শব্দকাৰসহ সহ চালক গিয়াছ উদ্দিনক। ট্ৰাকখন কৰায়ত্ব কৰিবলৈ হৈ দুৰ্ঘটনাত পতিত হৈছিল ৰাতাবাৰী আৰক্ষীৰ বাহনো। জব্দকৃত ট্ৰাকখনত পোৱা গৈছিল প্ৰায় ২০ হাজাৰ য়াবা টেবলেট।
লগতে পঢ়ক:Jorhat News:যোৰহাটত ব্লেকমেইলিঙৰ ঘটনা