‘Sri Raghupati’ uploaded to Facebook and YouTube : ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্য

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৯ জুন : শেহতীয়াকৈ মুক্তিলাভ কৰিলে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’। ন্যায়ালয়ে সেউজ সংকেত দিয়াৰ পিছতে ছবিগৃহত মুক্তিলাভ কৰে ছবিখনে । বৰ্তমান অসমৰ সকলো ছবিগৃহতেই প্ৰদৰ্শনী হৈ আছে ছবিখন । প্ৰতি প্ৰদৰ্শনীতেই অসমবাসীৰ পৰা পাইছে অভূতপূৰ্ব সঁহাৰি।
বহু বিতৰ্কৰ মাজতে ছবি গৃহত পূৰ্ণোদ্যমে চলি থকা ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’লৈ পুনৰ আহিছে আন এক ভাবুকি । একাংশ লোকে ছবিগৃহত ছবিখনৰ দৃশ্যাংশ মোবাইলত ৰেকৰ্ড কৰি ফেচবুক আৰু ইউটিউবত আপলোড কৰিছে । ১৪-১৫ মিনিট ভিডিঅ কৰি ইউটিউব ফেচবুকত আপলোড কৰাৰ অভিযোগ । নীতি-নিয়ম উলংঘা কৰি একাংশই এই ছবিখনৰ দৃশ্যাংশ ইউটিউব আৰু ফেচবুকত আপলোড কৰাৰ অভিযোগ কৰিছে ছবিখনৰ প্ৰযোজসকলে ।
চিনেমাখনৰ পৰিচালকগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত অভিযোগ প্ৰকাশ কৰিছে । ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে কৰা অভিযোগ অনুসৰি ফেচবুকত এটা ভিডিঅ’ যোগেদি কৈছে যে,”এইটো বৰ দুখজনক বিষয় আমি ইমান কষ্ট কৰি চিনেমা বনোৱাৰ পাছত কোনোবাই হঠাতে মোবাইলত ভিডিঅ কৰি ফেচবুক ইউটিউবত দি দিছে, এইটো বৰ বেয়া কথা।
লগতে সুব্ৰত কাকতীয়ে অনুৰোধ কৰি কয় যে যদি কোনোৱে ফেচবুক ইউটিবত এনেধৰণৰ ভিডিঅ’ পায় তেন্তে আমাৰ ছবিৰ যিকোনো কৰ্মকতালৈ মেছেঞ্জাৰ অথবা অন্য ধৰণে পঠিয়াব। লগতে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।
আনহাতে ১৪/১৫ মিনিটৰ ক্লিপ বোৰেই আকৌ খণ্ড-১, খণ্ড-২ কৈ ইউটিউবত আপলোড কৰিছে এই একাংশ লোকে । অসমীয়া চিনেমাৰ দুৰ্যোগৰ সময়তে প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিনেমাখন হলত গৈ ৰেকৰ্ডিং কৰি আনি এইদৰে আপলোড কৰা বিষয়টোক সহজ ভাৱে লব পৰা নাই ছবিখনৰ কৰ্তৃপক্ষই।
কিছুমানে কমেন্ট কৰিছে যে- আমাৰ চাই ভাল লাগিছে সেইকাৰণে ভিডিঅ কৰিছো। কিন্তু সেইটো কথা নহয় । চিনেমাখনৰ কাহিনী কি, শেষত কি হৈছে, মাজত কি হৈছে সেইবোৰ চাবলৈ সকলোৱে হললৈ যায়। যদি এনেদৰে ভিডিঅবোৰ ছচিয়েল মিডিয়াত দি থাকে তেন্তে কি লাভ হব। এনেদৰে ফেচবুক ইউটিবত দিলে আমাৰ কষ্ট অসাৰ্থক হ’ব। মই নাজানো মানুহৰ মাজত ইমানখিনি সজাগতা কিয় নাই?”
এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক প্ৰদান কৰিছে এখন এফ আই আৰ (First Information Report)
এফ আই আৰত শৈলেন কুমাৰ শৰ্মাই লিখিছে, ”আমাৰ লক্ষ্যত পৰিছে যে একাংশ তথাকথিত ইউটিউবাৰ আৰু ফেচবুক ব্যৱহাৰকাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কপিৰাইট আৰু চিনেমেট’গ্ৰাফী আইন ভংগ কৰি ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ ছবিগৃহৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰি ইউটিউব আৰু ফেচবুক পেজত আপলোড কৰিছে । যাৰ ফলত মই বৃহত্ ক্ষতিৰ শংকা কৰিছো । এই নীতিবিৰুদ্ধ কামৰ ফলত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰো জিএছটিৰ ক্ষেত্ৰত ক্ষতি হ’ব।”
ছবিখনৰ খনৰ কতৃপক্ষই এই বিষয়টো আইনৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছে (‘Sri Raghupati’ uploaded to Facebook and YouTube)। পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি এই গুৰুতৰ অভিযোগত ২/৩ জন লোকক হয়তো গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে ।
আনহাতে তেওঁ যিসমূহ লোকে এই কৰ্ম কৰিছে তেওঁলোকক অতি শীঘ্ৰেই ৰেকৰ্ডিং কৰি অনা দৃশ্যসমূহ সামাজিক মাধ্যমৰ পৰা ডিলিট কৰিবলৈও আহ্বান জনাইছে । অৱশ্যে চিনেমাখনলৈ আগবঢ়োৱা অভূতপূৰ্ব সহাৰিৰ বাবে তেওঁ অসমৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছে।
লগতে পঢ়ক : Weather Forecast : উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে