Sri Lankan Navy release 18 fishermen arrested from Rameswaram : শ্ৰীলংকাৰ নৌসেনাই মুকলি কৰি দিয়ে ৰামেশ্বৰমৰ পৰা গ্ৰেপ্তাৰ ১৮জন মাছমৰীয়াক
নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : ১৮জনকৈ মাছমৰীয়া মুকলি শ্ৰীলংকাৰ নৌসেনাৰ । মঙলবাৰে মুকলি কৰি দিয়ে মাছমৰীয়া কেইজনক ।
উল্লেখ্য যে, যোৱা ৮ ফেব্ৰুৱাৰীত পালক বে সাগৰৰ ডেলফ্ট দ্বীপৰ ওচৰত মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল ভাৰতীয় মাছমৰীয়াকেইজনক ।তামিলনাডুৰ ৰামেশ্বৰমৰ পৰা সীমান্ত অতিক্ৰম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ১৮ জনকৈ মাছমৰীয়াক( Sri Lankan Navy release 18 fishermen arrested from Rameswaram) ।
মাছমৰীয়া সন্থাৰ মতে, দুখন মাছ ধৰা নাও জব্দ কৰা হৈছে । ইয়াৰ পূৰ্বে ৬ ফেব্ৰুৱাৰীত আৰু ১৩ জানুৱাৰীত শ্ৰীলংকাৰ নৌসেনাই আটক কৰা তামিলনাডুৰ বাৰজন মাছমৰীয়াক মুকলি কৰি দিয়ে ৷ শ্ৰীলংকাৰ নৌসেনাই ভাৰতীয় মাছমৰীয়াসকলক বাৰে বাৰে গ্ৰেপ্তাৰ কৰাটো কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবেই নহয়, তামিলনাডু কৰ্তৃপক্ষৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে ।
৫ ফেব্ৰুৱাৰীত মাছমৰীয়াসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে এক পদক্ষেপ গ্ৰহণ কৰি ৰামেশ্বৰমৰ মাছমৰীয়াসকলে প্ৰতীকী ধৰ্মঘট অনুষ্ঠিত কৰি তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে ধাৰাবাহিক দাবীৰ ৰূপৰেখা দাঙি ধৰে । ইয়াৰ পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে অঞ্চলটোত ৰাজ্যখনৰ মাছমৰীয়া সম্প্ৰদায়ৰ সদস্যসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হস্তক্ষেপ কৰি সমস্যাটো সোনকালে সমাধান কৰিবলৈ আহ্বান জনায়(18 Tamil Nadu fishermen arrested by Sri Lankan Navy return home) ।
প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰত মুখ্যমন্ত্ৰী ষ্টালিনে উল্লেখ কৰিছে, “শ্ৰীলংকা কৰ্তৃপক্ষই তামিল মাছমৰীয়া আৰু তেওঁলোকৰ নাওবোৰক আটক কৰাৰ ঘটনা আতংকজনকভাৱে বৃদ্ধি পোৱা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি এই পত্ৰখন লিখিছো । এই বিষয়টোৱে এই মাছমৰীয়াসকলৰ মাজত জীৱিকাৰ অধিকাৰৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাইছে । কিয়নো ইয়াৰ স্থানীয় লোকসকলে ইয়াকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ব্যৱহাৰ কৰি আহিছে ।”
ষ্টালিনে পত্ৰখনত লিখিছে, “তামিল মাছমৰীয়াসকলে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি পৰম্পৰাগতভাৱে যি মাছমৰা পানীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, সেই পানী ক্ৰমান্বয়ে নিষিদ্ধ হৈ আহিছে ৷ যাৰ ফলত এই লোকসকলৰ অৰ্থনৈতিক স্থিতিশীলতাত প্ৰভাৱ পেলোৱাৰ লগতে তেওঁলোকৰ জীৱিকা বৰ্তায় ৰখাটো কঠিন হৈ পৰিছে । ২০২৩চনত শ্ৰীলংকাৰ নৌসেনাই ২৪৩ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰি ৩৭ খন নাও জব্দ কৰে । বিগত ২৮ দিনত ছটা কাণ্ডত ৮৮ জন মাছমৰীয়া আৰু ১২ খন নাও গ্ৰেপ্তাৰ কৰা হৈছে ।”
ডি এম কে নেতা আৰ এছ ভাৰতীয়ে শাসকীয় বিজেপিয়ে মাছমৰীয়া বিষয়টোক সংসদত আলোচনা কৰিবলৈ সুযোগ দিয়া নাই বুলি অভিযোগ কৰিছে । তামিলনাডু চৰকাৰে মাছমৰীয়াৰ বিষয়টো সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীলৈ ৩৫ বাৰ পত্ৰ আৰু প্ৰধানমন্ত্ৰীলৈ ১৩ বাৰ পত্ৰ লিখিছে । কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই(18 Tamil Nadu fishermen arrested by Sri Lankan Navy return home) ।
লগতে পঢ়ক : World Radio Day 2024 : আজি বিশ্ব ৰেডিঅ’ দিৱস