Spurious liquor seized in Merapani : মেৰাপানীত বিলাতী সুৰাসহ আটক এজন যুৱকক

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : মেৰাপানীত বিলাতী সুৰাসহ আটক এজন যুৱকক।সোমবাৰে নিশা মেৰাপানী আৰক্ষীয়ে অভিযান চলাই AS-06H-2261 নম্বৰৰ এখন ভাৰনা বাহনৰ পৰা ৯ কাৰ্টুন সুৰা জব্দ কৰে(Spurious liquor seized in Merapani)।
অবৈধভাৱে সুৰা সৰবৰাহ কৰা বাহনখন জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মেৰাপানী থানাৰ সমীপৰ পৰাই সুৰা কঢ়িওৱা বিলাসী বাহনখন জব্দ কৰে।
জানিব পৰা মতে, বিলাতী সুৰাসমূহ নাগালেণ্ডলৈ বুলি গোপনে নিয়াৰ সময়তেই আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে বাহনখনৰ চালক দুৰ্লভ দাসকো আটক কৰে।