WATCH | Spring season arrives : প্ৰকৃতিৰ নয়নাভিৰাম সৌন্দৰ্য
দেৰগাঁও,২৮মে’ : চৌদিশে এতিয়া এজাৰ ফুলৰ শোভা। এইয়া হৈছে দেৰগাঁৱৰ কাকডোঙা নদীৰ দুয়াপাৰৰ দৃশ্য। এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে এজাৰ ফুলে সকলোকে। বসন্ত ঋতু ৰহন সানিছে প্ৰকৃতিৰ বুকুত।চৌদিশে এতিয়া ৰঙীন পৰিবেশ।
প্ৰকৃতিৰ নানা ৰঙী ফুলে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে। দেৰগাঁৱৰ আশে পাশে দেখিবলৈ পোৱা গৈছে এজাৰ,সোণাৰু,মদাৰ,কৃষ্ণচুড়াৰ ফুল(Spring season arrives)।
যেন দেৰগাঁৱৰ আকাশ নানা ৰঙী ফুলেৰে ওপচি পৰিছে। এজাৰ ফুল দেখিবলৈ বৰ ধুনীয়া হোৱাৰ লগতে প্ৰকৃতি প্ৰেমী কবি, তথা গীতিকাৰ সকলে এজাৰক লৈ গানো লিখা পৰিলক্ষিত হয়।
বেঙুনীয়া এই এজাৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে যেন দেখিলে চাই থাকিবৰ মন যাব আপোনাৰ এজাৰ ফুলৰ প্ৰকৃতিৰ এই মনোমোহা নান্দনিক দৃশ্য। এই নান্দনিক দৃশ্যই এতি পথৰ পৰ্যটকক আকৰ্ষণ, সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে।
লগতে পঢ়ক : WATCH | Ripun Bora: মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ