Local, Vocal, Global

WATCH | Spring season arrives : প্ৰকৃতিৰ নয়নাভিৰাম সৌন্দৰ্য

গোৰেশ্বৰ,২২মে’ : এতিয়া বসন্ত কাল ৷ বসন্তৰ বৰষুণ পাই সজীৱ হৈ উঠিছে শীতত লঠঙা হোৱা গছ-লতিকা ৷ বিৰিখত কুঁহিপাত মেলাৰ পাচতেই এতিয়া ডাল ভৰি ফুলিছে নানাৰঙী ফুল ৷ প্ৰকৃতিৰ সাজোন-কাচোনে মন-প্ৰাণ হৰিছে সকলোৰে ৷

সেউজীয়া অসমভূমিত এতিয়া চৌপাশে দেখা গৈছে ফুলৰ মেলা ৷ আকাশ শুৱাই ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়া ৷ তাৰ মাজে মাজে জেউতি চৰাইছে সোণাৰুৱেও ৷ এজাৰৰো জাক জাক ৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগায় কবি-গীতিকাৰক ৷ নতুন সৃষ্টিৰ সম্ভাৰ লাভ কৰে তেওঁলোকে ৷ গীত-কবিতাত আমি প্ৰায়ে দেখা পাওঁ এজাৰ-কৃষ্ণচূড়া কিম্বা সোণাৰুৰ সৌন্দৰ্যৰ বৰ্ণনা ৷ মানৱ জীৱনৰ গতি সলনি হ’লেও সলনি হোৱা নাই প্ৰকৃতিৰ গতি। মানুহৰ মন জীপাল কৰাৰ যেন প্ৰয়াস কৰিছে প্ৰকৃতিয়ে।

প্ৰতিটো ঋতুৰে থাকে স্বকীয়তা,প্ৰতিটো ঋতুৰ সৌন্দৰ্যৰে আছে সুকীয়া পৰিভাষা। ব’হাগীক বিদায় দিয়াৰ বিষাদ পাহৰাবলৈ প্ৰকৃতিয়ে সংগোপনে কৰিছে বিশেষ আয়োজন।আকাশচুমী ৰঙ-বিৰঙী ফুলেৰে সজাই তুলিছে ধৰণী।

গোৰেশ্বৰো তাৰ ব্যতিক্ৰম নহয়। গোৰেশ্বৰৰ আকাশৰ বুকু এতিয়া প্ৰকৃতিৰ নানা ৰং বিৰঙী ফুলেৰে পোহাৰ মেলি জাতিষ্কাৰ হৈ পৰিছে। আকাশ সজাই ফুলা কৃষ্ণচূড়া,ৰাধাচূড়া সোণাৰু,এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বৃক্ষ। প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে গোৰেশ্বৰ(Spring season arrives)।

এজাৰে হেনো বেজাৰ লগায়!পিছে বেজাৰ লগাবলৈ নহয় মানুহৰ মনৰ পৰা অৱসাদ আতৰাবলৈহে যেন এজাৰে বেঙুনীয়াৰ পোহাৰ মেলিছে। কৃষ্ণচূড়াই আকাশত বৰষিছে প্ৰেমৰ জুই।

ইফালে বাৰিষাৰ আৰম্ভণিৰ প্ৰতিকুল পৰিবেশতো জিলিকিছে সোণাৰুৰ হালধীয়া হাঁহি। তলসৰা ফুলেও যেন পাতি দিছে ৰঙৰ দলিচা।

আকাশ সজোৱা ফুলবোৰে পুলকিত কৰি তুলিছে পথচাৰীৰ মন। কবিৰ কলমত প্ৰাণ পাই উঠিছে ন ন সৃষ্টিৰ প্ৰেমৰ কবিতা,যিয়ে দি যায় প্ৰতিকুলতা নেউচি মাথো জীৱনৰ প্ৰতিটো পলক উদযাপন কৰাৰ বতৰা। প্ৰকৃতিয়ে যেন মানুহক গাবলৈ শিকাইছে ভালপোৱা প্ৰাচুৰ্যতাৰ গান।

লগতে পঢ়ক : WATCH | Cachar News : দুমাহৰ বাবে বন্ধ কাটিগড়া-বদৰপুৰ দলং