Spray gang terror at Dhing : ধিঙত স্প্ৰে গেঙৰ সন্ত্ৰাস
ধিং,২৭জুলাই : ধিঙত স্প্ৰে গেঙৰ সন্ত্ৰাস । বুধবাৰে নিশা ধিঙৰ শ’লগুৰি বামগাঁৱত চেতনানাশক দ্ৰব্যৰে অচেতন কৰি ঘৰৰ পৰা লুটপাত কৰাৰ উপৰিও মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ধিং চহৰতো স্প্ৰে গেঙৰ আতংক বিৰাজ কৰাৰ অভিযোগ উত্থাপন হৈছে(Spray gang terror at Dhing) ।
এইবাৰ ধিং চহৰৰ মাজমজিয়াত সংঘটিত হৈছে আন স্প্ৰে গেঙৰ লুটপাতৰ ঘটনা ।শুকুৰবাৰে নিশা এটা ভাড়াতীয়া পৰিয়ালৰ ঘৰত স্প্ৰে গেঙৰ সদস্য প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই পৰিয়ালটোৰ লোকে গম পাই চিঞৰ বাখৰ আৰম্ভ কৰে । লগে লগে দলটোৰ সদস্যসকল পলায়ন কৰা বুলি দাবী কৰে স্থানীয় লোকে । প্ৰত্যক্ষদৰ্শীয়ে সাতজনীয়া এটা দলক পলায়ন কৰা প্ৰত্যক্ষ কৰে বুলিও উল্লেখ কৰে । লগে লগে ঘটনাস্থলীত ধিং আৰক্ষীৰ এটা দল উপস্থিত হয় যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।
ইপিনে, বিগত কেইদিন ধৰি নগাঁৱৰ ধিং অঞ্চলত স্প্ৰে গেঙে সৃষ্টি কৰা সন্ত্ৰাসৰ বিৰুদ্ধে শনিবাৰে ধিং আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলাই । স্প্ৰে গেঙৰ পৰা জীৱন, সম্পত্তিৰ নিৰাপত্তা বিচাৰি আৰক্ষী থানাত উপস্থিত হয় ধিং অঞ্চলৰ মহিলাসকল । স্প্ৰে গেঙৰ বাবে স্থানীয় জীয়াৰী-বোৱাৰী কোনো সুৰক্ষিত নহয় বুলি দাবী কৰি স্থানীয় আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে স্থানীয় মহিলাসকলে । জীয়াৰী-বোৱাৰীৰ ওপৰতো স্প্ৰে গেঙৰ চকু পৰা বুলি দাবী কৰি সম্প্ৰতি জীৱনৰ শংকাত ভোগা বুলিও উল্লেখ কৰে স্থানীয় মহিলাসকলে ।
উল্লেখযোগ্য, ধিঙত বৃদ্ধি পোৱা স্প্ৰে গেঙৰ সন্ত্ৰাসৰ বাবেই গাঁওবাসীক সুৰক্ষা দিবলৈ ধিঙত নাম ডুমডুমীয়া সত্ৰত ডেকাসকলে নিজাববীয়াকৈ কৰিছে পহৰাৰ ব্যৱস্থা । নিশা ১০ বজাৰ পিচত সত্ৰৰ চাৰিসীমাৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ কৰিছে যিকোনো অচিনাক্ত ব্যক্তিৰ । আনহাতে, যোৱা নিশা ধিঙৰ নাম ডুমডুমীয়া আৰু নিজ ধিঙত ৰাইজে পহৰা দি থকা অৱস্থাত পথেৰে গৈ থকা দুজন ব্যক্তিৰ ওপৰত সন্দেহ ওপজাত পহৰা দি থকা লোকসকলে ব্যক্তি দুজনক আটক কৰি গতাই দিয়ে ধিং আৰক্ষীক ।
স্থানীয় লোকে আটক কৰা ব্যক্তি দুজনৰ এজনৰ পৰা ৰাইজে ড্ৰাগছভৰ্তি কণ্টেইনাৰ, ৰচী, প্লাছ, স্ক্ৰুড্ৰাইভাৰ আদি উদ্ধাৰ কৰে । ধৃত আনজন ব্যক্তিৰ পৰাও এটা মলম আৰু তিনিটা টেবলেট উদ্ধাৰ কৰে স্থানীয় লোকে । অৱশ্যে টেবলেট তিনিটা কি ৰোগৰ সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই (Spray gang terror at Dhing)।
উল্লেখ্য যে, ধিঙত সন্ত্ৰাস সৃষ্টি কৰা স্প্ৰে গেঙৰ চাৰি সদস্যক এটা দিন পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰাৰ পাচতো নিশা পুনৰ সংঘটিত এনে ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অধিক আতংকিত কৰি তুলিছে সমগ্ৰ ধিংবাসীক ।