Local, Vocal, Global

Sporadic incidents of violence reported during LS polls : ভোটদানৰ মাজতে ভোটাৰক শাৰীৰিকভাৱে আক্ৰমণ বিধায়কৰ

নিউজ ডেস্ক,১৩মে’ : আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

অন্ধ্ৰপ্ৰদেশত পুৱাৰে পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচনৰ বাবে ৰাজ্যখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰে ভিৰ কৰি তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছে । আনহাতে, ৰাজ্যখনৰ চেলিব্ৰিটিসকলেও দীঘলীয়া শাৰীত থিয় হৈ সাধাৰণ ভোটাৰৰ সৈতে ভোটদান কৰিছে । ইফালে প্ৰতিগৰাকী নাগৰিককে এই নিৰ্বাচনী উৎসৱত অংশগ্ৰহণ কৰিবলৈ আৰু ভোটদান কৰিবলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে(Sporadic incidents of violence reported during LS poll) ।

সামগ্ৰিকভাৱে ৰাজ্যখনৰ ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ যদিও কোনো কোনো ঠাইত বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে । অন্ধ্ৰপ্ৰদেশত ভোটদানৰ চলি থকা মাজতে এটি ভোটকেন্দ্ৰত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ঘটনাৰ দৃশ্যাৱলী(Jagan Reddy’s party MLA, voter slap each other at Andhra polling booth)।

সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যাৱলী অনুসৰি ভোটকেন্দ্ৰটিত ভোটগ্ৰহণ পৰ্ব চলি থকাৰ মাজতে ৱাই আৰ চি পিৰ বিধায়ক শিৱকুমাৰে খঙত অগ্নিশৰ্মা হৈ ভোটাৰক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

এই ঘটনা ভাইৰেল হোৱাৰ পাছতে ব্যাপকভাৱে চৰ্চিত হৈছে। ইতিমধ্যে ঘটনাকলৈ একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ।

লগতে পঢ়ক : CBSE 12th Result 2024 : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা, ৮৭.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ