Local, Vocal, Global

Specially Abled Youth Triumphs Over Challenges : জীৱনৰ যুঁজত ভাগৰি নপৰা এজন বিশেষভাৱে সক্ষম ব্যক্তি

ৰূপহীহাট, ৩১অক্টোবৰ : জীৱনৰ যুঁজত ভাগৰি নপৰা এজন যুৱক । বিশেষভাৱে ভাৱে সক্ষম হয়ও চলাই আছে জীৱন সংগ্ৰাম(Specially Abled Youth Triumphs Over Challenges) ।

এগৰাকী বিশেষভাৱে সক্ষম যুৱক। পিতৃক হেৰুৱাই যুৱকজনে চলাই গৈছে জীৱনৰ কঠোৰ সংগ্রাম।

ৰূপহীহাটৰ ৪নং ভগামুখৰ উমৰ আলী নামৰ বিশেষভাৱে সক্ষম যুৱকজনে শাৰীৰিক বাধাকো নেওচি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে । বিশেষ ভাৱে সক্ষম যুৱক জনৰ পিতৃয়েই আছিল একমাত্ৰ সাৰথি । অৱশেষত পিতৃক হেৰুৱাই নিজেই পৰিয়াল পোহপাল দিবলৈ সিদ্ধান্ত লয়(Specially Abled Youth Triumphs Over Challenges In Nagaon) ।

এখন হাত নথকা সত্ত্বেও উমৰ আলীয়ে নিজৰ জীৱন সংগ্ৰাম চলাই আছে ।

বিশেষভাৱে ভাৱে সক্ষম হয় ভিক্ষা বৃত্তি গ্ৰহণ নকৰি এখন হাতেৰেই যন্ত্ৰ চালিত পাৱাৰ টিলাৰ চলাই উপাৰ্জন কৰি চলাই গৈছে নিজৰ ঘৰ সংসাৰ।

মনোবল দৃঢ়, প্রবল ইচ্ছাশক্তি থাকিলে মানুহে যিকোনো কামেই কৰিব পাৰে তাৰেই এক জ্বলন্ত উদাহৰণ দিলে উমৰ আলীয়ে ।

১৪ বছৰ পূৰ্বে বিদ্যুৎৰ তাৰত লাগি নিজৰ সোঁ হাতখন হেৰুৱাবলগীয়া হৈছিল । কিন্তু আজি কোপতি চৰকাৰী একো সাহায্য নাপালে উমৰ আলীয়ে । বাৰম্বাৰ আবেদন কৰাৰ পিছতো বঞ্চিত হল অৰুণোদয় আঁচনিৰ পৰা। জীৱন যুঁজত ভাগৰি নপৰা সফল যুৱকজনে এতিয়া চৰকাৰৰ পৰা সহায়ৰ হাত বিচাৰিছে(Specially Abled Youth Triumphs Over Challenges) ।

লগতে পঢ়ক :Road Accident in Silchar : চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ খুন্দা অটোত; থিতাতে নিহত পিতা‌-পুত্ৰ