এটা বিশেষ কুকুৰ পোৱালিৰ বিশেষ ভিডিঅ’

নিউজ ডেস্ক, ২০ জুলাই : এটা মৰম লগা কুকুৰ পোৱালিৰ মৰম লগা কাৰ্য্যই সৰু ল’ৰা ছোৱালীৰ পৰা প্ৰাপ্তবয়স্কলৈ, পশু প্ৰেমীৰ পৰা সাধাৰণ ব্যক্তিলৈ বহু জনক আকৰ্ষণ কৰিছে
সৰু লʼৰা ছোৱালীৰ পৰা প্ৰাপ্তবয়স্ক লৈকে কুকুৰ পোৱালি কোনে ভাল নাপায়? কেতিয়াবা মানুহৰ দৰে কৰা আচৰণে আকৰ্ষিত কৰে বহু জনক । যিকোনো সময়তে মৰম লগা কাৰ্য্যৰ বাবে সামাজিক মাধ্যমত চৰ্চা লাভ কৰে কনমানি পোৱালি বোৰে।
বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে এটা বিশেষ কুকুৰ পোৱালিৰ বিশেষ ভিডিঅ’ৱে। মানুহে ঘোঁৰা চলোৱাতো সচৰাচৰ ঘটনা। কিন্তু জনবসতিপূৰ্ণ এটা এলেকাত ঘোঁৰাত বহি এটা পোৱালিয়ে কোনো ভয় নোহোৱাকৈ চহৰখনৰ চাৰিওফালে ঘূৰি ফুৰা ভিডিঅ’ৱে ৰ্চচা লাভ কৰিছে।
ঘোঁৰাটোৰ সৈতে পোৱালিটোৰ আছে যেন এক মধুৰ সম্পৰ্ক। ঘোঁৰাটোৰ সৈতে কুকুৰ পোৱালিটোৱে চহৰখন ঘূৰি ফূৰিছে। টেফ্ৰিকৰ ৰঙা লাইটত ৰৈছে।
ভিডিঅ’টোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ পাছত কোনোৱে মানুহৰ কুকুৰৰ লগত থকা মধুৰ সম্পৰ্কৰে এক প্ৰভাৱ বুলি কʼব খোজে। বিভিন্ন সময়ত সামাজিক মাধ্যমত চৰ্চা লাভ কৰা এনে ভিডিঅ’ৱে কেৱল ব্যক্তিৰ মুখত এটা হাঁহি আনি দিয়াই নহয়। ই মানুহক জন্তুৰ বিশেষ গুণাগুণৰ সৈতেও পৰিচয় কৰায়। মৰম লগা কুকুৰ পোৱালিটোৰ কাৰ্য্যই আপোনাকো জানো এটি মিঠা হাঁহি উপহাৰ দিয়া নাই ?