Local, Vocal, Global

বিশ্ব মানসিক স্বাস্থ্য দিৱস, নাজিৰাত বিশেষ শোভাযাত্ৰা

নিউজ ডেস্ক: আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ হাতীপটিস্থিত মানসিক চিকিৎসা আৰু পৰিচৰ্যা কেন্দ্ৰ জ্যোতিগৃহত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়৷ হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ সঞ্চালক নাছেৰ খানে আতধৰা মানসিক স্বাস্থ্য দিৱসত নাজিৰাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম গগৈৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয়৷ সভাত মহকুমা স্বাস্থ্য বিষয়া ডা০ চালমা বেগমে মানসিক ৰোগ সম্পৰ্কে বক্তব্য আগবঢ়াই৷ প্ৰীতম গগৈয়ে হিউমেন ৱেলফেয়াৰ চচাইটিৰ মানসিক ৰোগীৰ সজাগতামূলক প্ৰচাৰ প্ৰত্ৰিকা উন্মোচন কৰাৰ লগতে সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰে৷