সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ বিশেষ আহ্বান মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ

নিউজ ডেস্ক,৭ মে:- ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ এক বিশেষ আহ্বান।
কিছুদিনৰ পূৰ্বে বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাৱটি লৈছিল পুলক ভূঞা নামৰ এগৰাকী অতিৰিক্ত ঠিকাভিত্তিক বিজ্ঞান শিক্ষকে।
এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ঠিকাভিত্তিক বিজ্ঞান শিক্ষকজনৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ বিন্দুগুৰি হাইস্কুলত ২০১০চনতে অতিৰিক্ত ঠিকাভিত্তিক বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল ভূঞাই।
১১বছৰে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে পুলক ভূঞাৰ নাম চৰকাৰী ঘোষণা অনুসৰি চাকৰিৰ নিয়মীয়াকৰণৰ আওতালৈও আহিছিল।
জানিব পৰা মতে,পুলক ভূঞাৰ পত্নী মিতালী হাজৰিকা হৈছে এম এ আৰু ডি এল এড উৰ্ত্তীণ। তেনে পৰিপ্ৰেক্ষিততে সদৌ অসম হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে যে, ভূঞাৰ পত্নীক অনুকম্পামূলক সংস্থাপনৰ ব্যৱস্থা কৰি পৰিয়ালটোৰ লগতে দুবছৰীয়া সন্তানটিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ।