Air India Special Flights to Manipur: অশান্ত মণিপুৰত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান
নেশ্যনেল ডেস্ক,৮ মে’: মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই অতিক্ৰম কৰিলে 6 টা দিন (Manipur clashes have passed six days) ৷ বৰ্তমানেও ৰাজ্যখনত বলবৎ হৈ আছে সান্ধ্য আইন ৷ ভাৰতীয় সেনাবাহিনী আৰু অসম ৰাইফলছৰ 100 টাতকৈয়ো অধিক গোটে অশান্ত মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে নিৰন্তৰ অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে (Rescue operation in Manipur)৷
অৱশ্যে ৰাজ্যখনৰ জনসাধাৰণে যাতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে কিছু শিথিল কৰা হৈছে সান্ধ্য আইন (Curfew relaxed in Manipur) । ইয়াৰ মাজতে মণিপুৰত আৱদ্ধ হৈ থকা লোকসকলেও নিজৰ নিজৰ গৃহৰাজ্যলৈ যাবৰ বাবে লৈছে প্ৰচেষ্টা । উত্তৰ-পূব বিভিন্ন ৰাজ্যৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যৰ চৰকাৰে তেওঁলোকৰ নাগৰিকসকলক হিংসাজৰ্জৰ মণিপুৰৰ পৰা উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাই গৈছে ।
এনে পৰিস্থিতিৰ মাজতে ৰাজ্যখনত আৱদ্ধ লোকসকলৰ সহায়ৰ বাবে এয়াৰ ইণ্ডিয়াই শনি আৰু দেওবাৰে ইম্ফললৈ বিশেষ বিমান সেৱা আৰম্ভ কৰিছে (Special Air India flights to and from Imphal) । লগতে বিমান প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ যাব লগা অথবা সেই স্থানৰ পৰা অহা সকলো বিমানৰ টিকট পুনৰ নিৰ্ধাৰণ বা বাতিল কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মাচুল ৰেহাই অহা সোমবাৰলৈকে বৃদ্ধি কৰিছে । বিমান সংস্থাটোৱে যোৱা ৪ মে’ৰ পৰা এই ৰেহাইৰ সুবিধা আগবঢ়োৱা আৰম্ভ কৰিছিল ।