Spain beat England in Euro 2024 final : ২০২৪ৰ ইউৰো কাপ ফুটবলৰ খিতাপ দখল স্পেইনৰ
স্পৰ্ট ডেস্ক,১৫জুলাই : ২০২৪ৰ ইউৰো কাপ ফুটবলৰ খিতাপ দখল স্পেইনৰ। চাৰিবাৰকৈ ইউৰো কাপ দখল কৰি প্ৰথমখন দেশ হিচাপে দেওবাৰে অভিলেখ গঢ়িলে স্পেইনে।
জাৰ্মানীৰ ৰাজধানী বাৰ্লিনৰ অলিম্পিয়াষ্টেডিয়নত অনুষ্ঠিত ইউৰো কাপ ২০২৪ ৰ চূড়ান্ত খেলখনত ইংলেণ্ডক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে স্পেইনে(Spain Beat England 2-1 In Thrilling Final To Clinch Record 4th Euros Title) ৷
ইংলেণ্ডক পৰাস্ত কৰি চতুৰ্থবাৰলৈ ইউৰো কাপৰ খিতাপ দখল কৰে স্পেইনে। ৪৭ মিনিট স্পেইনৰ হৈ প্ৰথমটো গ’ল দিয়ে নিকো উইলিয়ামছে। ৭৩ মিনিটত ইংলেণ্ডৰ ক’ল পালমাৰে গ’ল পৰিশোধ কৰি সমতা স্থাপন কৰে । ৰোমাঞ্চকৰ খেলখনত ৮৬ মিনিটত নিৰ্ণায়ক গ’লটো কৰে মাইকেল অয়াৰজাবালে। স্পেইনৰ নিকো উইলিয়ামছলৈ প্লেয়াৰ অব দ্য মেচৰ সন্মান। ফুটবল বিশ্বৰ ১৭ বছৰীয়া চাঞ্চল্য লামিনে য়ামালক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা(Spain beat England in Euro 2024 final)।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : চতিয়াত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী