Caught on CCTV : মহিলাক প্ৰহাৰ কৰাৰ ভিডিঅ’ সামজিক মাধ্যমত ভাইৰেলৰ পিছতে গ্ৰেপ্তাৰ যুৱক
নেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ : অৱশেষত গ্ৰেপ্তাৰ হ’ল আহমেদাবাদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা যুৱক । বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক । গ্ৰেপ্তাৰ কৰা যুৱকজন সিন্ধু ভৱন পথস্থিত এখন স্পাৰ মেনেজাৰ আছিল । মেনেজাৰজন স্পাখনৰ সঞ্চালক মহছিন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে ভুক্তভোগী আৰু অপৰাধীজনে একেলগে স্পা চলাই আছিল(Spa Manager Brutally Assaults Woman Drags Her By Hair In Ahmedabad)।
উল্লেখ্য যে, বুধবাৰে সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ’। ভাইৰেল হৈ পৰিছিল এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ ভিডিঅ’(Caught on CCTV)। ভিডিঅ’টোত এজন পুৰুষে চৰ, গোৰ, ভুকু, ঘোচাৰ লগতে চুলিত ধৰি এটা কোঠাৰ ভিতৰলৈ সুমুৱাই নিছে এগৰাকীক যুৱতীক(Shocking CCTV Footage Surfaces)। এই ভিডিঅ’ভাইৰেল হৈ পৰাৰ লগে লগে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । তদন্তৰ অন্তত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে মহছিনক ।
দৰাচলতে, যুৱতীগৰাকীৰ ভাষ্য অনুসৰি মহছিনৰ সৈতে মিলি তেওঁ এই স্পা চেলুনখন খুলিছিল। পিছে দুই সহযোগীৰ মাজত হোৱা সংঘাতৰ পৰিণতিতে যুৱতীগৰাকী এই আক্ৰমণৰ বলি হ’ব লগা হ’ল। এই ঘটনাৰ পিছতেই বৃহস্পতিবাৰে অভিযুক্ত মহছিনৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল(Ahmedabad spa manager assaults woman drags her by hair)।