Local, Vocal, Global

Junmoni Rabha Death Case : অৱশেষত চি বি আইৰ জেৰাৰ সন্মুখীন হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলে

নগাঁও , ৭ অক্টোবৰ : অব্যাহত এছআই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। চিবিআয়ে অব্যাহত ৰাখিছে তদন্ত(Junmoni Rabha death case) । অৱশেষত চিবিআইৰ জেৰাৰ সন্মুখীন হ’ল নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে ।

শনিবাৰে ঘটনাৰ তদন্তৰ বাবে এছপি লীনা দলেক তলব কৰিছে তদন্তকাৰী দলটোৱে। নগাঁও আৱৰ্ত ভৱনত থকা চিবিআইৰ দলে জেৰাৰ বাবে তলব কৰিছে বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক তথা নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেক ।

শনিবাৰে পুৱাই নগাঁও পুলিচ গেষ্ট হাউচত উপস্থিত হৈছে জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কত নাম সাঙোৰ খোৱা আৰক্ষী অধীক্ষক লীনা দলে(SP Leena Doley in Nagaon ) ৷

উল্লেখ্য যে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱাৰ পিছতেই নগাঁৱৰ পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছিল আৰক্ষী অধীক্ষক লীনা দলেক ।

প্ৰয়াত জোনমণি ৰাভাৰ মাতৃয়েও আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ আছিল আৰক্ষী অধীক্ষক লীনা দলেৰ নাম । ইমানৰ পিছতো আৰক্ষী অধীক্ষক লীনা দলেক বিগত সময়ত জেৰা নকৰাক লৈ বিভিন্ন জনৰ মাজত সৃষ্টি হৈছিল তীব্ৰ অসন্তুষ্টিৰ ।

শনিবাৰে চিবিআইৰ দলে নগাঁও আৱৰ্ত ভৱনত তলব কৰিছে বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেক (Junmoni Rabha death case) ।

জানিব পৰা মতে, CBI ৰ দলটোৱে প্ৰথমে উপস্থিত হয় নগাঁও পুলিচ ৰিজাৰ্ভৰ আলহীগৃহত ৷ তাৰ পিছত উপস্থিত হয় নগাঁও আৰ্ৱত্ত ভৱনত ৷ ইপিনে আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াক চিবিআয়ে জেৰা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বেও ঘটনাৰ সন্দৰ্ভত আন কেইবাজনো বিষয়াক তলব কৰিছিল দলটোৱে(SP Leena Doley)।

লগতে পঢ়ক :Junmoni Rabha death case : অৱশেষত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আৰক্ষী অধীক্ষক লীনা দলেক চিবিআইৰ জেৰা