Local, Vocal, Global

Madurai Train Fire : মাদুৰাই ৰে’ল অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে সক্ৰিয় ৰে’ল বিভাগ

নেশ্যনেল ডেস্ক,২৭আগষ্ট : মাদুৰাই ৰে’ল অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে সক্ৰিয় ৰে’ল বিভাগ । ইতিমধ্যে শনিবাৰে সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে ৰে’ল বিভাগে(Madurai Train Fire) ।

এই ৰে’ল দুৰ্ঘটনাটোৰ সম্পৰ্কে দক্ষিণ ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া বি গুগানেচানে এক বিবৃতিত কয় যে দেওবাৰে মাদুৰাই ৰে’ল অগ্নিকাণ্ডৰ ঘটনাৰ ন্যায়িক তদন্ত আৰম্ভ হ’ব (Southern Circle Railway Safety Commissioner To Conduct Statutory Inquiry) ।

উল্লেখ্য যে,শনিবাৰে তামিলনাডুৰ মাদুৰাইৰ সমীপত উত্তৰ প্ৰদেশৰ এখন পৰ্যটন ৰে’লত অগ্নিকাণ্ড সংঘটিত হৈছিল । জানিব পৰা মতে ৰে’লখন লক্ষীপুৰৰ অভিমুখে আহি আছিল। উত্তৰ প্ৰদেশৰ পৰা অহা ৰে’লখনৰ ৩ টা ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । মাদুৰাই ষ্টেচনত ৰে’লখন ৰখাই থোৱাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়(9 killed 20 injured as fire breaks out on train at Madurai station)।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে’ল আৰক্ষীয়ে ঘটনাস্থালীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে ৰেলত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰাৰ লগতে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত ইতিমধ্য়ে তদন্ত আৰম্ভ কৰে । জানিব পৰা মতে, ঘটনাস্থলীত মাদুৰাই ৰেল বিভাগৰ কালেক্টৰ সংগীতাই উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰে(Nine passengers from Lucknow killed as fire guts private party coach at Madurai railway yard) ।

এই ভয়ংকৰ ঘটনাৰ ফলত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ৰে’লৱেৰ বিষয়াসকলে জনোৱা অনুসৰি, ৰে’লত চাহ যোগান ধৰি থকা অৱস্থাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰে’ল সুৰক্ষা আয়ুক্ত, এ.এম. চৌধুৰীয়ে এই অগ্নিকাণ্ডৰ ঘটনাৰ ন্যায়িক তদন্ত আৰম্ভ কৰিব । জানিব পৰা মতে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে মাদুৰাইৰ ডিভিজনেল ৰে’লৱে মেনেজাৰৰ কাৰ্যালয় কমপ্লেক্সৰ ডিআৰএমৰ কনফাৰেন্স হলত তদন্ত আৰম্ভ হ’ব । দক্ষিণ ৰে’লৱে ও জনসাধাৰণক ঘটনাটোৰ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে তথ্য বা প্ৰমাণ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে ।

আনহাতে এই ভয়ংকৰ ঘটনা আৰু ইয়াৰ সৈতে জড়িত বিষয় সম্পৰ্কীয় তথ্য দিবলৈ বিচৰা যিকোনো লোকে ২৭ আগষ্টত মাদুৰাইৰ ডিআৰএমৰ কনফাৰেন্স হললৈ যাব পাৰে বা দক্ষিণ চক্ৰৰ ৰে’ল সুৰক্ষা আয়ুক্তলৈ লিখিব পাৰে ।
ইফালে দক্ষিণ ৰে’লৱেয়ে মাদুৰাই অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন অনুদান আগবঢ়াৰ কথা ঘোষণা কৰে । লগতে এই ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ২ লাখ টকাৰ সাহায্য আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ৫০,০০০ টকা ঘোষণা কৰে ।

লগতে পঢ়ক : Madurai Train Fire : যাত্ৰীবাহী ৰে’লত ভয়ংক অগ্নিকাণ্ড; ৯ জন নিহত, ২০ জনতকৈ অধিক আহত