South Korea’s President Yoon arrested:দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ
নিউজ ডেস্ক,১৫জানুৱাৰী : দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হ’ল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়োলক।
বুধবাৰে পুৱা দক্ষিণ কোৰিয়াৰ প্ৰশাসন কৰ্তৃপক্ষই ৰাষ্ট্ৰপতিৰ বাসগৃহত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ইউন চুক ইয়োলক।
দুৰ্নীতি তদন্ত কাৰ্যালয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, দক্ষিণ কোৰিয়াৰ স্থানীয় সময় অনুসৰি পুৱা ১০:৩৩ বজাত ইয়োলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে ৩ জানুৱাৰীত ৰাষ্ট্ৰপতি গৰাকীক গ্ৰেপ্তাৰৰ বাবে দলটো গৈছিল যদিও ইয়োলক সমৰ্থক সকলে সংঘৰ্ষত লিপ্ত হৈছিল দলটোৰ সৈতে। ফলত উভতি আহিবলগীয়া হৈছিল দলটো।
আজি পুৱা ৪.২০ বজাতে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ বাহিৰত প্ৰশাসন তথা নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দল গোট খায়। লগে লগে উক্ত স্থানত ৰাষ্ট্ৰপতি গৰাকীৰ সমৰ্থকে ভিৰ কৰে। প্ৰায় ১০০০ আৰক্ষী বিষয়াৰ এটা দলে বিভিন্ন পথেৰে ৰাষ্ট্ৰপতিৰ বাসগৃহত প্ৰৱেশ কৰি ইউন চুক ইয়োলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(South Korea’s President Yoon arrested)।
উল্লেখ্য যে, বেআইনীভাৱে দেশত সামৰিক আইন বলৱৎ কৰিব বিচৰাৰ অভিযোগত অভিযুক্ত হৈছিল ৰাষ্ট্ৰপতিগৰাকী। উক্ত গোচৰত তেওঁক মুঠ তিনি বাৰকৈ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও আদালতৰ নিৰ্দেশক অমান্য কৰাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।
লগতে পঢ়ক :Indian Army Day 2025: আজি ভাৰতীয় সেনা দিৱস