Local, Vocal, Global

WATCH | Sootea News : চতিয়া আৰক্ষীয়ে উৎখাত কৰিলে বৃহৎ নাৰী দেহ ব্যৱসায়ী চক্ৰ

চতিয়া,১৮জুন : অৱশেষত চতিয়া আৰক্ষীয়ে উৎখাত কৰিলে বৃহৎ নাৰী দেহ ব্যৱসায়ী চক্ৰ। চতিয়াৰ লক্ষ্মীনাথ বেজবৰুৱাৰ পথত দীৰ্ঘদিনৰ পৰা দেহ ব্যৱসায়ী চক্ৰ এটাই চলাই অহা এটা দেহ ব্যৱসায়ীৰ ঘাটিত মঙলবাৰে চতিয়া আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই এগৰাকী মহিলাক আটক কৰে আৰু আজি দেহ ব্যৱসায়ী মহিলা গৰাকীৰ ভাষ্যৰ ভিত্তিত চতিয়াৰ ঐতিহাসিক নাগশংকৰ মন্দিৰৰ সন্মুখৰ এখন ধাবাৰ পৰা ধাবা খনৰ গৰাকী সহ দুই যুৱকক আটক কৰে ৷আটকাধীন লোক কেইজন ক্ৰমে ফজিৰ মহম্মদ, হেমন্ত মেছ,বিশ্বৰঞ্জন দাস বুলি জানিব পৰা গৈছে(Sootea News)৷

আনহাতে মঙলবাৰে চতিয়া আৰক্ষীয়ে আটক কৰা মহিলা গৰাকীৰ নাম ঋতুমনি শইকীয়া নাথ ৷ মহিলা গৰাকীক ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, চতিয়াৰ লক্ষ্মীনাথ বেজবৰুৱাৰ পথৰ জুন্তি দেৱ নাথৰ পত্নী ঋতুমনিয়ে দীৰ্ঘদিনৰ পৰা নিজ গৃহতে দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ আনহাতে ঐতিহাসিক নাগশংকৰ মন্দিৰৰ সন্মুখত ধাবা খুলি দেহ ব্যৱসায়ৰ ৰমৰমীয়া বেপাৰ চলাই থাকি আজি আটক হোৱা ধাবা খনৰ স্বত্বাধিকাৰী হেমন্ত মেছক উপযুক্ত শাস্তিৰ দাবী তুলিছে নাগশংকৰৰ জনসাধাৰণৰ লগতে চতিয়াৰ সচেতন ৰাইজে ৷

লগতে পঢ়ক : WATCH | Jamugurihat News : আটছাৰ তেজপুৰ শাখাক অবৈধ আৰু অসংবিধানিক ঘোষণা বালিপৰা,পৰুৱা আৰু বিন্দুকুৰি উপশাখাৰ