WATCH | Sootea News : চতিয়াত কৃষকৰ হাহাকাৰ অৱস্থা
চতিয়া,১জুন : চতিয়াত কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চতিয়াত কুইন্টলে কুইন্টলে গেলিছে কৃষকৰ উৎপাদিত ৰঙলাও। অঞ্চলটোৰ পতিয়া গাঁওত শ শ বিঘা মাটিত গঞা ৰাইজে কৰা ৰঙালাও খেতিত বৰষুণৰ পানী জমা হোৱাৰ ফলত কৃষকৰ ৰঙলাও পানীৰ তলত নষ্ট হোৱাৰ লগতে একাংশ কৃষকে উৎপাদিত ৰঙলাও সমুহ চিঙি আনিছিল যদিও সেইসমুহ ৰঙালাও এতিয়া গেলি যোৱাত পেলাই দিছে এইদৰে কুইন্টলে কুইন্টলে ৰঙালাও(Sootea News)।
ইফালে বজাৰত উৎপাদিত ৰঙালাওৰো নূন্যতম মূল্য নোপোৱাত অধিক চিন্তিত হৈ পৰা দেখা গৈছে কৃষক সকল।
সেয়েহে এইসকল কৃষকক চৰকাৰৰ ফালৰ পৰা কিবা ক্ষতিপূৰণ প্ৰদান কৰিলে নিশ্চয় এতিয়া কৃষকসকল উপকৃত হ ‘ব বুলি মত ব্যক্ত কৰিছে।
লগতে পঢ়ক : WATCH | Gossaigaon News : ভাঁওৰাগুৰী বজাৰত চুৰিকাণ্ড