WATCH | Sootea News: প্ৰেমিকাক বিচাৰি পশ্চিমবংগলৈ গৈ বিপদত পৰিল অসমৰ যুৱক জিন্টু খান

চতিয়া,২৯মে’ : প্ৰেমিকাক বিচাৰি পশ্চিমবংগলৈ গৈ বিপদত পৰিল অসমৰ যুৱক জিন্টু খান ।
ঘটনা অনুসৰি, দীৰ্ঘদিনীয়া এটা প্ৰেমৰ সম্পৰ্ক ! পশ্চিমবংগৰ দিঘালৈ ফুৰিবলৈ যাওতে প্ৰথম চিনাকী হৈছিল তাইৰ লগত ৷ লাহে লাহে দুয়োৰে মাজত গভীৰ হৈ পৰিছিল প্ৰেমৰ সম্পৰ্ক ৷ জীৱনে মৰনে একেলগে থকাৰ ৰচিছিল দুয়ো য়ে ৷ মাজে সময়ে সৰু-সুৰা কাজিয়া হৈছিল যদিও বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল দুয়োৱে ৷
প্ৰেমিকাৰ কথা মতেই কলিকতাত মাটি কিনি ঘৰ বনাবলৈ সাজু হৈছিল প্ৰেমিক। দুয়োৰে পৰিয়ালৰ মাজতো কথা-বতৰা আৰম্ভ হৈছিল ৷ কিন্তু হঠাৎ ছচিয়েল মিডিয়াৰ পৰা মোবাইলৰ ক’ল লিষ্ট’ লৈকে সকলোতে পশ্চিম বংগৰ প্ৰেমিকাই ব্লক কৰি দিলে অসমৰ প্ৰেমিক জিন্টু খানক(Sootea News) ৷
কেইবাদিনো ধৰি যোগাযোগত নাপাই প্ৰেমিকাক বিচাৰি গাড়ী লৈ পশ্চিমবংগৰ হাওৰা জিলাৰ উলুবেড়ীয়ালৈ ৰাওনা হৈছিল বিশ্বনাথ চাৰিআলিৰ জিন্টু খান ৷ কিন্তু তাত উপস্থিত হোৱাৰ পিছতে ভয়ংকৰ ঘটনাৰ সন্মুখীন হ’ল জিন্টু৷ এটা দুৰ্বৃত্তৰ দলে প্ৰেমিকাৰ ঘৰৰ সন্মুখৰ পৰা আটক কৰি এটা ঘৰৰ ভিতৰত আৱদ্ধ কৰি শাৰিৰিক আৰু মানসিক অত্যাচাৰ চলালে জিন্টু খান আৰু তেওৰ লগত যোৱা গাড়ী ড্ৰাইভাৰজনক ৷
কিন্তু সকলো দেখি-শুনিও নিমাত হৈ থাকিল প্ৰেমিকা তানিয়া আহমেদ আৰু পৰিয়াল ৷ কলিকতাত মাটি কিনিবলৈ নিয়া টকা বিচাৰি দুৰ্বৃত্তৰ দলটোৱে বন্দুক দেখুৱাই ভাবুকি দিছিল জিন্টুক ৷
জিন্টুৰ মোবাইলত ভিডিঅ কৰি জিন্টুৰ ছচিয়েল মিডিয়াত আপল’ড কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৷ পিছত পশ্চিমবংগ আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে প্ৰেমিক জিন্টু খানক ৷ ইতিমধ্যে অসমত আহি উপস্থিত হোৱা জিন্টু খানে ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানত দাখিল কৰিছে অভিযোগ ৷
ধনৰ বাবেই প্ৰেমিকাই জিন্টুক ভাল পাইছিল নেকি ! মাটি কিনিবলৈ নিয়া টকা আত্মসাত কৰাৰ বাবেই প্ৰেমিকাই এই সমগ্ৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰেমিক জিন্টু খান।
লগতে পঢ়ক : WATCH | Ripun Bora : ‘মোৰ ভুল হৈছে বুলি নাভাবোঁ, ভুল হোৱাটো মই ভাবিবই নোৱাৰি’