Local, Vocal, Global

WATCH | Sootea News : ৰঙালী বিহুৰ প্ৰাকক্ষণত কণ্ঠ শিল্পী সকল এতিয়া ব্যস্ত নিজৰ বিহু সুৰীয়া গীত প্ৰস্তুত কৰাত

চতিয়া,১৮ মাৰ্চ : ৰঙালী বিহুৰ প্ৰাকক্ষণত কণ্ঠ শিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ বিহু সুৰীয়া গীত সমূহ সম্পূৰ্ণ কৰাৰ কামত ৷

কাৰন বিহুৰ পূৰ্বে ইউটিউব, চচিয়েল মেডিয়া অথবা OTT প্লেটফৰ্মত ৰিলিজ কৰিব লাগিব বিহু সুৰীয়া গীতসমূহ ৷ বিশেষকৈ ভিডিঅ’ এলবাম তৈয়াৰ কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ৰাজ্যৰ সৰ্বত্ৰে ৷

বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী নমৰাত দেখা গৈছে একাংশ কলা কুশলীয়ে দৃশ্য শ্ৰাব্য এলবাম নিৰ্মাণৰ বাবে চলাই আছে দৃশ্যগ্ৰহন ৷ বিশ্বনাথ চাৰিআলিৰ খৰালিমলু গাৱৰ জ্যোতিস্মান বৰা নামৰ উদীয়মান কণ্ঠ শিল্পী গৰাকীয় ব্যস্ত হৈ পৰিছে বিহুৰ পূৰ্বে তেও কন্ঠদান কৰা এটা বিহুসুৰীয়া গীত মুকলি কৰিবলৈ ৷ সৰুৰে পৰাই গীত গাই আৰু গীত লিখি সুৰৰ মায়াজালেৰে মুহিত কৰি ৰাখিছে জ্যোতিস্মান বৰা নামৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰজনে(Sootea News)৷

বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়ণৰত ছাত্ৰজনে ইতিমধ্যে নিৰ্মাণ কৰিছে কেইবাটাও ভিডিঅ এলবাম ৷ উদীয়মান কন্ঠশিল্পী জ্যোতিস্মান বৰাৰ “বহাগৰে নাচনি ২” নামেৰে এটা এলবাম নিৰ্মাণৰ বাবে অসমৰ বিভিন্ন লোকেচনত চলি আছে শ্বুটিং ৷ প্ৰায় কুৰিৰো অধিক গীত বাণীবদ্ধ কৰা জ্যোতিস্মান কলা কুশলী সকলক লৈ অসম অৰুণাচল সীমান্তৱৰ্তীৰ নৈসৰ্গিক পৰিবেশৰ মাজত বিহু গীতৰ ভিডিঅ এলবামৰ বাবে শ্বুটিংত ব্যস্ত ৷ গীতটিত তেওঁ নিজে কণ্ঠদান কৰিছে ৷ এলবামটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ্যোতিস্মানে ৷ বহাগ বিহুৰ এসপ্তাহৰ পুৰ্বে মুক্তি পাব গীতটোৱে ৷

লগতে পঢ়ক :WATCH | Health Tips : চুলি পকা সমস্যাত ভুগিছে নেকি আপুনি ?