Local, Vocal, Global

WATCH | Sootea News: বিশ্বনাথ চাৰিআলিত ভূ-মাফিয়াৰ চক্ৰ

চতিয়া,২৭ফেব্ৰুৱাৰী : বিশ্বনাথ চাৰিআলিত পুনৰ সংক্রীয় হৈ উঠিছে ভূ-মাফিয়াৰ চক্ৰ। ভূ মাফিয়াই দখল কৰিছে ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ চৰকাৰী ভূমি। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথক সংযুক্ত কৰাৰ বাবে বিশ্বনাথ চাৰিআলিত নতুনকৈ নিৰ্মান কৰি থকা বাইপাছৰ কাষৰ চৰকাৰী ভূমি দখল কৰিছে দালাল চক্ৰই(Sootea News)।

গুপচাৰ ভূমি, ৰজাদিনীয়া পুখুৰী আদি দখল কৰি নিশাৰ ভিতৰতে মাটি ভৰাই নিৰ্মান কৰিছে চাৰিবেৰ। এই ভূ-মাফিয়া চক্ৰটোৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য পৰাশৰে ৷ চৰকাৰী গাঁওবুঢ়াই বিশ্বনাথৰ ৰাজহ চক্র বিষয়াক দিয়া তথ্য অনুসৰি সাকোমঠা মৌজাৰ কোছগাৱৰ ৪৪৫, ৪৩৫ আৰু ২১০ দাগত চৰকাৰী মাটি দখল কৰিছে ভূ-মাফিয়াই।

গাওঁবুঢ়াৰ প্ৰতিবেদন লাভ কৰাৰ পিছত মণ্ডলে চৰজমিন তদন্ত কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়াই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷ এজাহাৰ দাখিল কৰা হৈছে ৪৪৫ নং চিলিং চৰকাৰী দাগৰ ২ বিঘা ১০ লোচা দখল কৰা প্ৰদিপ চতনামী, অনচুম ৰামচিয়াৰী, কোনো বড়ো আৰু পুতুল মাকীৰ বিৰোদ্ধে ৷ এজাহাৰ দাখিল কৰা হৈছে ৪৩৫ নং চিলিং চৰকাৰী দাগৰ ১ বিঘা ৪ কঠা ১৫ লোচা মাটি দখল কৰা উজ্জল বৰাৰ বিৰুদ্ধে ৷

লগতে ২১০ নং গোপচাৰ দাগৰ অংশ দখল কৰি দোকান ঘৰ নিৰ্মান কৰা কোনো বড়োৰ বিৰোদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷ কিন্তু আৰক্ষীয়ে ৰহস্যজনক ভাৱে বিষয়টো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ ইফালে মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰোদ্ধে অভিযান চলাই বিশ্বনাথৰ বহু কেইটা মাটিৰ দালালক জেল-হাজোতলৈ প্ৰেৰন কৰিছিল যদিও নাকি লগাব নোৱাৰিলে এই দালাল চক্ৰটোক ৷

লগতে পঢ়ক :WATCH | Jagiroad News: মৰিগাঁৱত তিনিদিনীয়া ‘কইনা কন্দা শিল নাট মহোৎসৱ’