Local, Vocal, Global

WATCH | Sootea News : চতিয়াত অব্যাহত আছে নাৰীদেহ ব্যৱসায় বিৰুদ্ধে চাঞ্চল্য

চতিয়া,২৪জুন : বৃহত্তৰ চতিয়া আৰু নাগশংকৰ অঞ্চলত চলি অহা নাৰীদেহ ব্যৱসায় আৰু ভিন্ন অসামাজিক কাৰ্যকলাপক লৈ চতিয়াত সৃষ্টি হোৱা চাঞ্চল্য আজিও অব্যাহত আছে ৷

এনে অপসংস্কৃতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ বাবে আজি এখন বৃহৎ সজাগতা সভা চতিয়া নাট্যভৱনত অনুষ্ঠিত হয়৷ বৃহত্তৰ চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াৰ সভাপতিত্বত অনুস্থিত এই সভাত নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে৷ বিধায়ক হাজৰিকাই অপশক্তি সমূহক কঠোৰ হাতৰে নিৰ্মূল কৰা হ’ব বুলি স্পষ্ট কৰি দি ৰাইজ একত্ৰিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে(Sootea News)৷

উল্লেখ্য যে,নগশংকৰ আৰু চতিয়াত শেহতীয়াকৈ অনৈতিক কাৰ্যকলাপত জড়িত এগৰাকী মহিলা আৰু তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷কিন্তু এনে ঘটনাত আন এক মূল অভিযুক্ত জোন্তি দেৱনাথ এতিয়াওঁ পলাতক হৈ আছে ৷

লগতে পঢ়ক : WATCH | Escaped murder accused arrested : ১৩ বছৰ পুৰণি হত্যাৰ অভিযোগত অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ খটখটি আৰক্ষীৰ