MLA Padma Hazarika: নদুৱাৰ সমষ্টিত দুখনকৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,২০জানুৱাৰী : নদুৱাৰ সমষ্টিত দুখনকৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাই৷
বিধায়ক গৰাকীয়ে প্ৰথমে ২নং ইটাখোলা প্ৰাথমিক বিদ্যালয় আৰু পিছত বালিজুৰিৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে আৱন্তিত মুঠ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া দুটাকৈ নতুন বিদ্যালয় গৃহৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে(MLA Padma Hazarika) ৷
আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে দুইখন বিদ্যালয়ৰ এই দুইটা গৃহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে কণ কণ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব৷ উদ্বোধনী অনুষ্ঠানটিত আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা আৰু শিক্ষক কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে(Sootea MLA Padma Hazarika laid foundation stone for construction of two school houses in Naduar constituency)৷
লগতে পঢ়ক :Gunotsav : জামুগুৰিহাটৰ তৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হল দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ