Local, Vocal, Global

Ambubachi Mela 2023 : দেশ-বিদেশৰ পৰা অহা ভক্তৰ বুজ লয় সৰ্বানন্দ সোণোৱালে

গুৱাহাটী, ২৪ জুন : দেশ-বিদেশৰপৰা অম্বুবাচীলৈ অহা অজস্ৰ ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰসমূহ পৰিদৰ্শন কৰে সৰ্বানন্দ সোণোৱালে (Ambubachi Mela 2023) । মা কামাখ্যাৰ ভক্তিত সমৰ্পিত হৈ দেশ-বিদেশৰপৰা অহা অজস্ৰ ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ পাণ্ডুস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ (IWAI)ৰ আঞ্চলিক কাৰ্যালয় প্ৰাঙ্গণত স্থাপন কৰা শিবিৰসমূহ শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে (Ambubachi Mela 2023)।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভক্তিপ্ৰাণ ৰাইজৰ সৈতে বাৰ্তালাপ কৰে আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে তেওঁলোকৰ বাবে ব্যৱস্থা কৰা সা-সুবিধাসমূহৰ বুজ লয়। ভক্তসকলে যাতে কোনো ক্ষেত্ৰতে একো অসুবিধা অথবা কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় কেন্দীয় মন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে , “আধ্যাত্মিকতা আৰু সমন্বয়ৰ মহামিলনস্থলীলৈ পৰিণত হোৱা মহা অম্বুবাচী মেলাই নীলাচলৰ সেউজী বুকুত আৰু ইয়াৰ চৌদিশে অনন্য ভক্তিপূৰ্ণ পৰিৱেশৰ সূচনা কৰিছে। অম্বুবাচী মেলা আমাৰ সনাতন সভ্যতা-সংস্কৃতিৰ এক শক্তিশালী পৰিচায়ক।” (Union minister Sarbananda Sonowal)

লগতে তেওঁ কয় , “অম্বুবাচী মেলাক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰি তোলাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। ভক্তিতেই আছে প্ৰকৃত শান্তি, সদ্ভাৱ । ভক্তিৰ মাজেৰে আমি এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। মা কামাখ্যাৰ কৃপাদৃষ্টি সকলোৰে শিৰত বৰষি থাকক আৰু সমাজৰ সৰ্বত্ৰে মংগল সাধন হোৱাৰ লগতে অপায়-অমংগল নাশ হওক, তাৰেই কামনা কৰিছোঁ।”

এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক এ ছেলভা কুমাৰ আৰু আন বিষয়াসকল।

লগতে পঢ়ক : Assam Cabinet : ৰাজ্যিক কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেটত ?