কানৈত কলেজীয়া দিনৰ স্মৃতি সজীৱ কৰিলে সোণোৱালে

নিউজ ডেস্ক: বিশেষ কাৰ্যসূচী লৈ গৃহ জিলা ডিব্ৰুগড়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কলেজীয়া জীৱনৰ স্মৃতি সোঁৱৰিবলৈ নিজে পঢ়ি অহা কানৈ মহাবিদ্যালয়ত উপস্থিত হয়৷ শংকৰদেৱ সভা কক্ষত মহাৰজত জয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৈতে অনুষ্ঠিত এক অন্তৰংগ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। যাতে শিক্ষা সাং কৰি পৰৱৰ্তী দিনসমূহত অতীতৰ ভাল স্মৃতিসমূহ ৰোমন্থন কৰিব পাৰে। আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ৰ অতীতৰ মধুৰ স্মৃতিসমূহৰ কথা ৰোমন্থন কৰা লগতে শিক্ষাৰ্থীসকলৰ দাবী অনুসৰি শীঘ্ৰে মহাবিদ্যালয়ৰ চৌহদত এটি অত্যাধুনিক জিমনাষ্টিক গল্ড নিৰ্মাণ কৰিবৰ বাবে উদ্যোগ গ্ৰহণ কৰিবৰ বুলি উল্লেখ কৰে। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া উপস্থিত থাকে।