Sonia Gandhi Comment on Rahul Marriage : ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই, কাক দিলে দায়িত্ব?
নেশ্যনেল ডেস্ক, ২৯ জুলাই : ৰাহুল গান্ধীৰ বিবাহ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলি আছে যদিও তেওঁ এতিয়াও ‘অবিবাহিত’ (Sonia Gandhi Comment on Rahul Marriage)। এতিয়া মাতৃ ছোনিয়া গান্ধীয়ে পুত্ৰৰ বাবে কইনা বিচাৰি উলিওৱাৰ কথা উল্লেখ কৰিছে । এটা ভিডিঅ’ত দেখা গৈছে যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে হাৰিয়ানাৰ এগৰাকী মহিলাক এনেধৰণৰ কথাই কৈছে(Haryana Women Visit Rahul Gandhi House)।
শেহতীয়াকৈ হাৰিয়ানাৰ সোনিপাটৰ কৃষক পৰিয়ালৰ কেইগৰাকীমান মহিলা দিল্লীলৈ আহিছিল (Sonia Gandhi Comment on Rahul Marriage) । তেওঁলোক ৰাহুল গান্ধীৰ ঘৰলৈও গৈছিল । ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা একেলগে বহি খোৱাবোৱা, গল্প গুজৱ কৰিছিল । সেই সময়ত এগৰাকী মহিলাই ছোনিয়াক পুত্ৰৰ বিয়াৰ বিষয়ে সুধি কয় ‘ৰাহুল গান্ধীৰ বিয়া পাতি দিয়ক’ (Sonia Gandhi said haryana women farmers to fidn a girl for rahul)। উত্তৰত ছোনিয়াই কয়, “আপোনালোকেই কইনা বিচাৰি দিয়ক।”
আচলতে, এই কথা ওলাইছিল ছোনিয়া গান্ধীৰ আৱাসত (Congress leader Rahul Gandhi)। ‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে শেহতীয়াকৈ হাৰিয়ানাৰ ছোনীপট জিলা ভ্ৰমণৰ সময়ত একাংশ মহিলা কৃষকক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল । আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি একাংশ মহিলা কৃষকক দুপৰীয়াৰ ভোজলৈ আমন্ত্ৰণ জনাইছিল ।
উল্লেখ্য ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ভূঁই ৰোৱাতো অংশ লৈছিল, ট্ৰেক্টৰ চলাইছিল আৰু খেতিপথাৰত কাম কৰা মহিলা কৃষকৰ বাবে অনা খাদ্য খাইছিল। ৰাহুল গান্ধীয়ে তেতিয়া প্ৰতিশ্ৰুতি দিছিল যে তেওঁ তেওঁলোকক দিল্লী দেখুৱাবলৈ নিব। কিয়নো মহিলাসকলে কৈছিল যে ইমান ওচৰত থকাৰ পিছতো কেতিয়াও দিল্লী দেখা নাই। নিজৰ এই ভ্ৰমণত ৰাহুল গান্ধীয়ে কৃষক মহিলাসকলৰ সৈতে ভগ্নী প্ৰিয়ংকা গান্ধীকো কথা পতাই দিছিল আৰু কৃষক মহিলাসকলক ঘৰলৈ আমন্ত্ৰণৰ ইচ্ছা প্ৰকাশ কৰিছিল।
ৰাহুল গান্ধীয়ে শনিবাৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰি টুইটত লিখিছে, ‘মা, প্ৰিয়ংকা আৰু মোৰ বাবে এক স্মৰণীয় দিন, বিশেষ অতিথিৰ সৈতে! ছোনীপটৰ কৃষক ভনীসকলৰ দিল্লী দৰ্শন, তেওঁলোকৰ সৈতে ঘৰত খাদ্য আৰু বহুত সুন্দৰ কথা-বতৰা হয় । লগতে পালো অমূল্য উপহাৰ – দেশী ঘী, মিঠা লচ্চী, ঘৰৰ আচাৰ আৰু বহুত মৰম।’
কংগ্ৰেছ দলে নিজৰ টুইটাৰ হেণ্ডেলত কয়, ‘ৰাহুল গান্ধীয়ে ছোনীপটৰ কৃষক ভগ্নীসকলক দিল্লীলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কৃষক ভগ্নীসকল দিল্লীলৈ আহিল, প্ৰতিশ্ৰুতি পূৰণ হ’ল।’ এই ভিডিঅ’ত গান্ধী পৰিয়ালক গাঁৱৰ মহিলাসকলৰ সৈতে সুন্দৰ সময় কটোৱা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছে । ৰাহুল গান্ধীয়ে মহিলাসকলক খানা পছন্দ হৈছেনে নাই সোধা শুনা গৈছে ভিডিঅ’ত। সকলোৱে মিঠাই খালেনে নাই সেয়াও সুধিলে ৰাহুল গান্ধীয়ে।
ভিডিঅ’টোত দেখা গৈছে যে ছোনিয়া, প্ৰিয়ংকা আৰু ৰাহুলে সেই মহিলাসকলৰ কাষত বহি কথা পাতি আছে। কোনোবাই নাচি আছে, কোনোবাই গান গাইছে। ইফালে তাৰমাজতে ৰাহুলৰ বিয়াৰ বিষয়টোও উঠিল । সেই কথা-বতৰাও ভিডিঅ’টোত শুনা গৈছে।
উল্লেখ্য যে ২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ জানুৱাৰীলৈ ভাৰত জোড়ো যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁ ১২খন ৰাজ্য ভ্ৰমণ কৰি তাৰ ৰাইজৰ সৈতে কথা পাতিছিল। প্ৰায় ৩৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বিজেপিৰ বিৰুদ্ধে সমৰ্থন বৃদ্ধি কৰিছিল ।
লগতে পঢ়ক : NIT Moral Policing: তিনি গৰাকী ৰান্ধনীক দলৱদ্ধ আক্ৰমণ ছাত্ৰৰ