WATCH | Sonari News : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি সোণাৰিত যোগ প্রতিযোগিতা
সোণাৰি,১১জুন : ১১ সংখ্যাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজি সোণাৰিত স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
অসম চৰকাৰৰ আয়ুস সঞ্চালকলয়ৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সোণাৰি হৰি সভাৰ মদন মোহন মন্দিৰ প্ৰাংগনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
পুৱা আয়োজিত উদ্বোধনী অনুষ্ঠানত প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱাই। পতঞ্জলি যোগ সমিতিৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাখনৰ আৰম্ভণিতে যোগ প্ৰদৰ্শন কৰাৰ লগতে গছ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়(Sonari News)।
প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ভালে সংখ্যক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈত আশা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বানাক্রান্তক খাদ্য সামগ্ৰী বিতৰণ