WATCH | Sonari News : সোণাৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অশুভ শক্তি
সোণাৰি,২জুন : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰস্থিত সোণাৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শেহতীয়াকৈ অশুভ শক্তিয়ে বিভিন্ন লোকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
প্ৰধানতঃ সোণাৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ নাম লৈ অশুভ শক্তিৰ নেপথ্যত থকা চক্ৰটোৱে বিভিন্ন কাম-আবেদনৰ বিপৰীতে ধন দাবী কৰিছে আৰু বহু লোকে ধন অন-লাইনত দিয়াৰ তথ্য পোহৰলৈ আহিছে।
শেহতীয়াকৈ, কিশোৰ কুমাৰ ভট্ৰাচাৰ্য (ৰজত) নামৰ সোণাৰি বৰুৱা আলিৰ স্থায়ী বাসিন্দা লোকজনে মাটি সম্পৰ্কীয় এক আবেদন দাখিল কৰিছিল সোণাৰি ৰাজহ চক্ৰ বিষযাৰ কাৰ্যালয়ত। কিশোৰে আবেদন পত্ৰ দাখিল কৰাৰ পাছতেই ৮৪৫৩৮৪৩২৭৮ আৰু ৯৩৯৪৯০৮৫৬২ নম্বৰ পৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা ৰাজু দাস নামৰ এজন লোকে যোগাযোগ কৰে আৰু প্ৰমাণ পত্ৰৰ বাবদত ধন দাৱী কৰে আৰু দাৱীকৃত ধন “গুগল পে”ৰ জৰিয়তে আদায় দিবলৈ কয়(Sonari News)।
সেই মৰ্মে, কিশোৰলৈ গুগল স্কেনাৰ ( কিউ আৰ কড) প্ৰেৰণ কৰে।লক্ষণীয় যে, অশুভ চক্ৰটোৱে দাবী কৰা ধন ক্ৰমে দুহেজাৰ আৰু তেৰ শ পঞ্চাছ টকা দুটা কিস্তিত সৰ্বমুঠ তিনি হাজাৰ তিনিশ পঞ্চাছ টকা অন-লাইনত আদায় দিয়ে। ইফালে, অন-লাইনত ধন পোৱাৰ পাছতেই উল্লেখিত মবাইল ফোন দুটা নিস্ক্ৰিয় হৈ পৰে। এনে অৱস্থাত সমগ্ৰ ঘটনাটো সোণাৰি ৰাজহ চক্ৰ বিষয়াক ভুক্তভোগী কিশোৰ কুমাৰ ভট্ৰাচাৰ্যই যোৱা ২৪ মে’ ত লিখিত ৰূপত অভিযোগ দাখিল কৰে।
ইফালে, ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ পাছত সমগ্ৰ ঘটনাটো তদন্তৰ বাবে সোণাৰি আৰক্ষী থানাক চক্ৰ বিষয়াই অনুৰোধ কৰে।সম্প্ৰতি সমগ্ৰ ঘটনাটো চৰাইদেউ আৰক্ষীয়ে তদন্তৰ আওতা প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে। আজি সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তই এক জাননী জাৰি কৰি সোণাৰি ৰাজহ চক্ৰটোৰ অধীনৰ সকলো ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে, যাতে কোনোৱে অসাধু চক্ৰৰ জালত নপৰে আৰু অনলাইন যোগে কোনো অচিনাকী ব্যক্তিৰ লগত ধনৰ কোনোধৰণৰ লেনদেন নকৰে।
এই জাননীযোগে লগতে জনোৱা হৈছে যে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা অনলাইন আবেদন কৰাৰ কোনো ব্যৱস্থা নাই। আবেদনকাৰীসকলক যিকোনো সেৱাৰ কাৰণে স্বীকৃতিপ্রাপ্ত পি.এফ.চি অথবা চি.এছ.চি ৰ জৰিয়তেহে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।