Local, Vocal, Global

WATCH | Sonari News : চৰাইদেউত মূগা সঁচ উৎপাদন গৃহ শুভাৰম্ভ

সোণাৰি,৩১মে’ : চৰাইদেউ মূগা আৰু কৃষি উৎপাদক কোম্পানী লিমিটেডৰ উদ্যোগত আদৰ্শ কৃষক দেৱ হাটটীমুৰীয়াৰ সহযোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম এলেকাৰ বাফাৰ জ’ন অন্তৰ্গত হাবি গাঁৱত এটি মূগা সঁচ উৎপাদন গৃহ উদ্বোধন কৰে চৰাইদেউ জিলাৰ ৰেচম বিভাগৰ বিষয়া এল কে শইকীয়াই।

এই গৃহতেই আদৰ্শ কৃষক দেৱ হাটটীমুৰীয়াই নিজৰ হস্তনিৰ্মীত অসমীয়াৰ থলুৱা সামগ্ৰী সমুহৰ যাদু ঘৰো সংলগ্ন কৰিছে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত উপস্থিত থাকে নাজিৰাৰ কৃষি বিষয়া কংকণ পাটী, চৰাইদেউ জিলাৰ জেষ্ঠ কৃষি বিষয়া মুচটাছিম আহমেদ,চৰাইদেউ মুগা আৰু কৃষি উৎপাদন কোম্পানীৰ সঞ্চালিকা কাৱেৰী কছাৰী ৰাজকোঁৱৰ, অৰবিন্দ ৰাজখোৱা , বহুকেইজন মুগা পালককে প্ৰমুখ্যে কৰি বহু কেইজন বিশিষ্ট ব্যক্তি(Sonari News)।

মুগা শিল্পই বিশ্বৰ বজাৰ দখল কৰাৰ সময়ত মুগা পালকে সঁচ বিচাৰি মেঘালয়, গোৱালপাৰা আদি ঠাইত হাবাঠুৰি খোৱাৰ সময়ত এই মুগা সঁচ উৎপাদন কেন্দ্ৰই স্থানীয় মুগা পালকক যথেষ্ট সকাহ দিব। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত এই কেন্দ্ৰ পৰ্যটনৰ দিশটো ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৰেচম বিষয়া এল কে শইকীয়াই ।

বৰ্তমান সময়ত নৱ প্ৰজন্মক কৃষি ক্ষেত্ৰ অত্যাধুনিক যন্ত্ৰৰ জৰিয়তে আকৰ্ষিত কৰিব পাৰি বুলি মন্তব্য প্ৰকাশ কৰে অৰবিন্দ ৰাজখোৱাই । চৰাইদেউ মুগা আৰু কৃষি উৎপাদন কোম্পানী লিমিটেডে চাৰিখতকৈও অধিক লোকক লগত লৈ দুটাকৈ গোটৰ জৰিয়তে বস্ত্ৰ উৎপাদন,মুগা পালন আৰু কৃষি যেনে জহা চাউলৰ উৎপাদনৰ লক্ষ্য লৈ কাম কৰাৰ কথা ব্যক্ত কৰে সঞ্চালিকা কাৱেৰী কছাৰী ৰাজকোঁৱৰে ।

বিশেষকৈ বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত সূঁতাৰ নাটনি হোৱাত সূতা উৎপাদনৰ ক্ষেত্ৰত স্থানীয় খেতিয়ক সকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে বুলি জনাই সঞ্চালিকা গৰাকীয়ে।

লগতে পঢ়ক: WATCH | Guwahati Flood : ৰাজধানী গুৱাহাটীত হৃদয় বিদাৰক ছবি